NORTHEAST NOW (Assamese)
অসম

১১সপ্তাহত Jioত ১২সংখ্যক বিনিয়োগ; এইবাৰ ১৮৯৫ কোটি টকাৰ অংশীদাৰিত্ব ক্ৰয় ইন্টেলৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2020 12:22 pm
WhatsApp Image 2020-07-03 at 11.38.35 AM

মুকেশ আম্বানিৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বাবে আহিছে আন এক সুখৱৰ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ জিঅ’ প্লেটফৰ্মত ইলেকট্ৰনিক চিপ নিৰ্মাতা কোম্পানী ইন্টেল কেপিটেলে অংশীদাৰিত্ব ক্ৰয় কৰিব।

বাতৰি অনুসৰি, আমেৰিকান কোম্পানী ইন্টেল কেপিটেলে ১,৮৯৪.৫০কোটি টকাৰে ০.৩৯শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিব।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু জিঅ’ প্লেটফৰ্মে যৌথভাৱে জাৰি কৰা এক বিবৃতিত এই নতুন বিনিয়োগৰ কথা সদৰী কৰিছে।

উল্লেখ্য যে ইন্টেল কেপিটেল ইনোভেটিভ কোম্পানীয়ে আন্তৰ্জাতিক পৰ্যায়ত বিনিয়োগ কৰাৰ উপৰি ক্লাউড কম্পিউটিং, আৰ্টিফিচিয়েল ইন্টেলিজেন্স আৰু 5-জীৰ দৰে প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰে।

ইপিনে, এইক্ষেত্ৰসমূহত ৰিলায়েন্স জিঅ’ইও নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিবলৈ আগবাঢ়িছে।

এই নতুন বিনিয়োগৰ জৰিয়তে ৰিলায়েন্স জিঅ’ই প্ৰায় ১১ সপ্তাহত ১২ সংখ্যক বিনিয়োগ লাভ কৰিবলৈ সক্ষম হৈছে।

মুঠ ১২টা কোম্পানীৰ পৰা জিঅ’ প্লেটফৰ্মলৈ অহা মুঠ বিনিয়োগৰ পৰিমান ১,১৭,৫৮৮.৪৫কোটি টকালৈ বৃদ্ধি পালে।

অংশীদাৰিত্বৰ হিচাপত বৰ্তমান কোম্পানীবোৰৰ অংশ হৈছে ২৫.০৯শতাংশ।

বিগত তিনি মাহৰ ভিতৰত জিঅ’ প্লেটফৰ্মত বিনিয়োগ কৰাসকলৰ ভিতৰত আছে পে’চবুক, চিলভাৰ লেক, ভিষ্টা ইকুইটি পাৰ্টনাৰ্ছ, জেনেৰেল আটলান্টিক, কেকেআৰ, মুবাডালা, এডিআইএ, টিপিজি, এল কেটেৰটন আৰু পিআইএফ অন্যতম।

ইয়াৰ মাজতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে ঋণমুক্ত হোৱাৰ কথা ঘোষণা কৰিছে। কোম্পানীটোৱে এই লক্ষ্য প্ৰায় ৯মাহ পূৰ্বেই পূৰণ কৰিছে।

আনহাতে, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মাৰ্কেট কেপিটেল ১১লাখ কোটি টকা অতিক্ৰম কৰিছে।