NORTHEAST NOW (Assamese)
অসম

‘অসমীয়া খবৰ’ কাকতৰ অন্যতম স্বত্ত্বাধিকাৰ ৰান্টু দাসৰ মৃত্যু; মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2020 2:21 pm
dead-8-

‘অসমীয়া খবৰ’ৰ এগৰাকী স্বত্ত্বাধিকাৰ ৰান্টু দাসৰ শুকুৰবাৰে পুৱা গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু ঘটে।

‘অসমীয়া খবৰ’ৰ সৈতে জন্মলগ্নৰে পৰা জড়িত ৰান্টু দাস আছিল কাকতখনৰ পৰিচালন সঞ্চালক মণ্ডলীৰ মাজৰে এগৰাকী।

মহানগৰীৰ এপল’ হাস্পতালত শুকুৰবাৰে পুৱা ৫ বজাত তেওঁৰ মৃত্যু হয়।

দীৰ্ঘদিন ধৰি হৃদৰোগকে ধৰি আন কেবাটাও শাৰীৰিক অসুবিধাত ভুগি থকা ৰান্টু দাসক প্ৰায় এমাহ পূৰ্বে  মহানগৰীৰ এপল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

অৱশেষত আজি চিকিৎসকৰ সকলো চেষ্টা বিফল কৰি ৰান্টু দাসে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁ পুত্ৰ, কন্যাৰ লগতে পত্নীক ইহ সংসাৰত এৰি থৈ গৈছে।

বিশেষ সূত্ৰে জানিব পৰা মতে মৃত্যুৰ সময়ত ৰান্টু দাস কোভিডতো আক্ৰান্ত হৈছিল।

ৰান্টু দাসৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

অসমীয়া খবৰ কাকতৰ অন্যতম স্বত্বাধিকাৰী ৰান্টু দাসৰ বিয়োগত গুৱাহাটী প্ৰেছ ক্লাৱেও শোক প্ৰকাশ কৰিছে। শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গুৱাহাটী প্ৰেছ ক্লাৱৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছে।