NORTHEAST NOW (Assamese)
অসম

ছচিয়েল মাধ্যমত ঐতিহাসিক ডিঃ বিশ্ববিদ্যালয়খনৰ গৰিমাত কালিমা : টীয়ক থানাত গোচৰ

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক July 5, 2020 6:34 pm
Screenshot_2020-07-05-17-22-45_1

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন শিক্ষকৰ কু-কৰ্ম কাণ্ডৰ তথ্য পোহৰলৈ অহাৰ পাছতেই বিশ্ববিদ্যালয়ৰখনৰ কৰ্তৃপক্ষই শিক্ষক গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়েও অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰিছে।

তাৰ পাছতো ফেইচবুককে ধৰি বিভিন্ন ছচিয়েল মাধ্যমত এক দুষ্ট চক্ৰই শিক্ষকজনৰ কুকৰ্মৰ গইনা লৈ ঐতিহাসিক বিশ্ববিদ্যালয়খনৰ গুণ গৰিমাত কলংকৰ কালিমা সানি জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ তুলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে।

ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ আছু গোটে এই সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ খবৰ আহি পৰিছে।

গোটৰ সভাপতি অংকুৰ প্ৰতিম গগৈৰ নেতৃত্বত আছু গোটৰ কেইবাজনো বিষয়ববীয়াই টীয়ক আৰক্ষী থানাত ছচিয়েল মিডিয়াত প’ষ্ট দিয়া কেইবাটাও একাউন্টৰ বিৰুদ্ধে আজি এজাহাৰ দাখিল কৰিছে।

গোটৰ সভাপতি গৰাকীয়ে দোষীক উপযুক্ত শাস্তি দিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে।

তেওঁলোকে বিশ্ববিদ্যালয়ৰখনৰ প্ৰতি এনে বিৰূপ মন্তব্য কৰাসকলক ভবিষ্যতে তেনে মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিছে।