NORTHEAST NOW (Assamese)
Popular Stories

১০ হাজাৰ বিচনাৰে বিশ্বৰ সৰ্ববৃহৎ কোভিড কেয়াৰ চেন্টাৰ মুকলি হ’ল দিল্লীত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 5, 2020 6:56 pm
dc-Cover-qo4lkc94037

 

ক’ৰ’ণা ভাইৰাছে সমগ্ৰ বিশ্বতে মহা সংহাৰৰ সৃষ্টি কৰিছে।

ভাৰতবৰ্ষতো ইয়াৰ ব্যতিক্ৰম ঘটা নাই।

দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণে কালান্তক ৰূপ ধাৰণ কৰাৰ সময়তে দিল্লীত দেওবাৰে মুকলি কৰা হয় বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ কোভিড কেয়াৰ চেন্টাৰ।

দিল্লীৰ চাটাৰপুৰৰ ৰাধাস্বামী সৎসংগ বীচত স্থাপন কৰা চৰ্দাৰ পেটেল কোভিড কেয়াৰ এণ্ড হস্পিতাল খন মুকলি কৰে দিল্লীৰ লে. গৰ্ভণৰ অনিল বাইজালে।

১০,০০০ খন বিচনা থকা এই হস্পিতাল খনৰ ১০ শতাংশ বিচনাৰ সৈতে সংযুক্ত হৈ আছে অক্সিজেনৰ সুবিধা।

প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানে সাজি উলিওৱা হস্পিতাল খন পৰিদৰ্শন কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,

গৃহ মন্ত্ৰী অমিত শ্বাহে।

হস্পিতাল খন মুকলিৰ অনুষ্ঠানত উপস্তিত থাকে সুবিধা।প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক জি সতীশ ৰেড্ডী।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডা. হৰ্ষবৰ্দ্ধনে হস্পিতাল খনৰ  সা-সুবিধা সন্দৰ্ভত মন্তব্য কৰি কয় যে ১০ হাজাৰ বিচনা যুক্ত এই হস্পিতাল খনত দক্ষিণ দিল্লীৰ লগতে অন্যান্য স্থানৰ সাধাৰণ লক্ষণ থকা ৰোগী ৰখা হব।

ইয়াৰ পূৰ্বেও দিল্লীত আই টি বি পি এ ২০০০ বিচনাযুক্ত আন এখন হস্পিতাল  স্থাপন কৰিছিল।