NORTHEAST NOW (Assamese)
Popular Stories

পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিশ্ববিদ্যালয় সমূহে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ পৰা পালে অনুমতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 6, 2020 10:28 pm

সোমবাৰে গৃহ মন্ত্ৰ্যালয়ে বৰ্তমান দেশত প্ৰযোজ্য হৈ থকা আনলক-২ৰ সময়তে বিশ্ববিদ্যালয় আৰু আন আন শিক্ষা প্ৰতিষ্ঠান সমূহক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰে।

এই সন্দৰ্ভত মন্ত্ৰ্যালয়ে জানিবলৈ দি কয় যে বিশ্ববিদ্যালয় আৰু আন আন প্ৰতিষ্ঠান সমূহক পৰীক্ষাৰ আয়োজন কৰাৰ অনুমতি প্ৰদানৰ বাবে কেন্দ্ৰীয় উচ্চ শিক্ষা সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে।

মন্ত্ৰ্যালয়ে কয়, ‍‘চূড়ান্ত পৰীক্ষা সন্দৰ্ভত য়ুজিচি আৰু বিশ্ববিদ্যালয়ৰ একাডেমিক কেলেণ্ডাৰৰ গাইডলাইন আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে মঞ্জুৰ প্ৰদান কৰা উন্নত কাৰ্যকৰী প্ৰক্ৰিয়া ( Standard Operative Procedure) অনুসাৰি অনুষ্ঠিত কৰিব লাগিব’।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে যোৱা ২৫ মাৰ্চৰ পৰা দেশত জাৰি কৰা হৈছিল লকডাউন। আৰু তেতিয়াৰ পৰাই আজি পৰ্যন্ত বিশ্ববিদ্যালয় তথা অন্য প্ৰতিষ্ঠান সমূহে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাছিল।

গৃহ মন্ত্ৰ্যালয়ে জাৰি কৰা নিৰ্দেশনাৰ পিছতে এতিয়া য়ুজিচিয়ে অতি শীঘ্ৰে সংশোধিত গাইডলাইন জাৰি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

বৰ্তমান সময়ত দেশত আনলক-২ প্ৰযোজ্য হৈ আছে। কনটেইনমেণ্ট জ’ন সমূহক বাদ দি বাকী অঞ্চল সমূহত সকলো ধৰণৰ কাম-কাজ চলি আছে যদিও এতিয়াও বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় তথা আন আন শিক্ষানুষ্ঠান বন্ধ হৈ আছে।