NORTHEAST NOW (Assamese)
অসম

কোনোবাই যদি WhatsAppত আপোনাক ব্ল’ক কৰে, তেতিয়া কিদৰে তেওঁক মেচেজ কৰিব?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2020 9:02 am
1594022479_wdfdgvd

আপোনাৰ বন্ধু নাইবা কোনো পৰিয়ালৰ সদস্যই যদি WhatsAppত আপোনাক ব্ল’ক কৰে, তেতিয়া চিন্তা নকৰিব।

জানি লওক এক বিশষ উপায়, কিধৰণে আপুনি আপোনাক ব্ল’ক কৰা সেই য়ুজাৰজনক মেচেজ কৰিব পাৰে।

এতিয়া প্ৰক্ৰিয়াটো জানক…

ব্ল’ক কৰা য়ুজাৰজনক এটা মেচেজ দিবলৈ আপুনি নিজৰ আৰু তেওঁৰ উমৈহতীয়া বন্ধু বা পৰিয়ালৰ সদস্যৰ সহায় ল’ব লাগিব।

তেতিয়াহে আপুনি সেই য়ুজাৰজনক এটা মেচেজ পঠিয়াব পাৰিব আৰু আপোনাৰ মতামত জনাব পাৰিব।

সেয়া কৰাৰ পাছত আপোনাৰ বা পৰিয়ালৰ সদস্য(উমৈহতীয়া য়ুজাৰ)ই এটা WhatsApp গ্ৰুপ খুলিব লাগিব।

এই গ্ৰুপটোত আপুনি থাকিব, আপোনাৰ উমৈহতীয়া বন্ধু বা পৰিয়ালৰ সদস্য থাকিব আৰু আপোনাক ব্ল’ক কৰা সেই য়ুজাৰজনো থাকিব।

আপোনাৰ বন্ধুক কওক যে আপোনাক ব্ল’ক কৰা ব্যক্তিজনকো যাতে গ্ৰুপটোত ৰখা হয়।

এইটো আপোনাৰ বাবে শুনিবলৈ কিছু ধেমালি যেন লাগিব পাৰে যদিও আপোনাৰ যিজন বন্ধুৱে গ্ৰুপটো খুলিব তেওঁ গ্ৰুপটোৰ পৰা আঁতৰি যাব।

এতিয়া আপুনি আৰু এই গ্ৰুপটোৰ আপোনাৰ বন্ধু বা পৰিয়ালৰ সদস্যই আপোনাক ব্ল’ক কৰা ব্যক্তিজনক চেভ কৰিব।

এতিয়া আপুনি বন্ধু বা পৰিয়ালৰ সদস্যক গ্ৰুপটোলৈ মেচেজ পঠিয়াবলৈ পতিয়ন নিয়াব পাৰে।