NORTHEAST NOW (Assamese)
অসম

কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মুক্তৰ দাবীত গোলাঘাটত প্ৰতিবাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2020 7:02 am

বিগত কেইবামাহ ধৰি কাৰাগাৰত থকা অখিল গগৈক উন্নত চিকিৎসা প্ৰদান আৰু তেওঁৰ মুক্তিৰ দাবীত মঙলবাৰে গোলাঘাটত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

গোলাঘাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত মানৱ শৃংখলেৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠন দুটাই।

প্ৰতিবাদস্থলীত উপস্থিত থাকি ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি সত্যব্ৰত শইকীয়াই কয় যে অসমৰ খিলঞ্জীয়া ৰাইজৰ হকে প্ৰতিবাদ কৰি কৰি কাৰাগাৰত আৱদ্ধ হৈ থকা অখিল গগৈৰ স্বাস্থ্য অৱস্থা এতিয়া শোচনীয়।

ক’ৰ’না লক্ষণৰ দৰে বেমাৰত ভুগি থকাৰ পিছতো চৰকাৰ স্বাস্থ্য বিভাগে অখিল গগৈক ভালদৰে স্বাস্থ্য পৰীক্ষা নকৰাৰ অভিযোগ কৰি ছাত্ৰ নেতা সত্যব্ৰত শইকীয়াই কয় যে শাসনাধিষ্ঠ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কৃষক নেতা গৰাকীক এনেকৈ হত্যা কৰাৰ এক গভীৰ ষড়যন্ত্ৰ ৰছনা কৰিছে?

অতি শীঘ্ৰে অখিল গগৈক মুক্তিৰ দাবী তোলে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

উল্লেখ্য যে, যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত হোৱা কা আন্দোলনৰ সময়তে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈক।