NORTHEAST NOW (Assamese)
অসম

উদ্বেগজনক; ভাৰতত ক্ৰমাগত ষষ্ঠ দিনৰ বাবে ২০,০০০ কৈ অধিক লোক ক’ৰ’না সংক্ৰমিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2020 12:02 pm
12 more Covid19 patients die in Assam on Saturday

ভাৰতত ক্ৰমাগত ষষ্ঠদিনৰ বাবে ২০,০০০ ত কৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

মঙলবাৰৰ দিনটোত ভাৰতত মুঠ ২২,৭৫২ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ৰ ৱেবচাইটত প্ৰকাশ পাইছে।

ভাৰতত বৰ্তমানলৈ মুঠ ৭,৪২,৪১৭ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

বিগত ২৪ ঘণ্টাত দেশত ৪৮২ গৰাকী লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

মঙলবাৰে মৃত্যু হোৱা ৪৮২ গৰাকী লোকৰ সৈতে ভাৰতত বৰ্তমানলৈ মুঠ ২০,৬৪২ গৰাকী লোকৰ মৃত্যু হৈছে।

আনহাতে,  ভাৰতৰ বিভিন্ন চিকিৎসালয়ৰ পৰা এতিয়ালৈ মুঠ ৪,৬৫,৮৩০ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতি গৈছে।

দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। মহাৰাষ্ট্ৰৰ পাছতে ৰাজধানী দিল্লীত অধিক সংখ্যক লোক ক’ৰ’না আক্ৰান্ত হৈছে।