NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’ণাই লগালে কেৰোণ : ২০২১ৰ ৬ জুলাইত WHO এৰিব আমেৰিকাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2020 3:22 pm
-1224535313

সৌ সিদিনালৈ সংস্থাটোৰ সৈতে আমেৰিকাৰ আছিল গাখীৰ-মিঠৈ সম্পৰ্ক ।

বহুতে কোৱা-কুই কৰিছিল আমেৰিকাৰ কথা মতে হেনো সংস্থাটোৱে উঠা-বহা কৰে।

যি কি নহওঁক, সংস্থাটো অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে আমেৰিকাৰ এতিয়া অহি-নকুল সম্পৰ্ক।

নহ’বই  বা কিয়—বিশ্ব স্বাস্থ্য সংস্থাৰ বাবে শেহতীয়াকৈ আমেৰিকাৰ কম নগুৰ-নাকতি হৈছেনে?

বিশ্ব স্বাস্থ্য সংস্থাই ক’লে—ক’ৰ’ণা ভাইৰাছ মানুহৰ পৰা মানুহলৈ সংক্ৰমিত নহয়।

ভাল কথা আমেৰিকাই লকডাউন ঘোষণা নকৰাকৈয়ে নিশ্চিত মনে বহি থাকিল।

কিন্তু সময়ত দেখা গ’ল কথাবোৰ ওলোটা।

বিশ্ব স্বাস্থ্য সংস্থাই কোৱা কথা মিছা। নিশাটোৰ ভিতৰতে হাজাৰ হাজাৰ মানুহ আমেৰিকাত আক্ৰান্ত হ’ল ক’ৰ’ণা ভাইৰাছত।

খং উঠিবলগীয়া কথা নহয় নে বাৰু?

ইয়াৰ পিছত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ক’লে—ক’ৰ’ণা ভাইৰাছ চীনে ওহান প্ৰদেশৰ পৰীক্ষাগাৰত সৃষ্টি কৰিছে।

এইবাৰো বিশ্ব স্বাস্থ্য সংস্থাই ক’লে—নাই, নাই চীনৰ বিৰুদ্ধে ইয়াৰ কোনো প্ৰমাণ নাই।

জ্বলা জুইত যেন ঘিউহে পৰিল।

ট্ৰাম্পে ক’লে—অৰ্থ সাহায্য দিয়া নহ’ব বিশ্ব স্বাস্থ্য সংস্থাক।

২৯ মে’’ত ট্ৰাম্পে ঘোষণা কৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সম্পৰ্ক ত্যাগ কৰিব আমেৰিকাই।

কথা মতে কাম,ৰাষ্ট্ৰসংঘলৈ চিঠি লিখি এই কথা জনালে ট্ৰাম্পে।

চিঠিত লিখা আছিল—২০২১ৰ ৬ জুলা্ইত বিশ্ব স্বাস্থ্য সংস্থাৰ  পৰা ওলাই আহিব আমেৰিকা।

ক’ৰ’ণাই কেৰোণো লগায়, প্ৰমাণ হ’ল সেই কথা।