NORTHEAST NOW (Assamese)
Popular Stories

মৃত্যুদণ্ডৰ আদেশ পুনৰ বিবেচনাৰ আবেদন জনোৱাৰ ইচ্ছা কৰা নাই কুলভূষণে : পাকিস্তান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2020 4:03 pm
download

 

পাকিস্তানৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত পাক সেনাই ২০১৬ চনত ইৰাণৰ চাবাহাৰ বন্দৰৰ পৰা ধৰি লৈ যোৱা ভাৰতীয় নৌসেনা বাহিনীৰ প্ৰাক্তন বিষয়া কুলভূষণ যাদৱে মৃত্যুদণ্ডৰ আদেশ পুনৰ বিবেচনা কৰাৰ বাবে কোনো আবেদন জনোৱা নাই।

এখন সংবাদমেলত এই কথা প্ৰকাশ কৰিছে পাকিস্তানৰ অতিৰিক্ত এটৰ্নী জেনেৰেল আহমদ ইৰফানে।

ছাৰ্কৰ পাকিস্তান কাৰ্যালয়ৰ শীৰ্ষ বিষয়া জাহিদ হাফিজ চৌধুৰীৰ উপস্থিতিত ইৰফানে কয় যে পাকিস্তানে কুলভূষণ যাদৱক মৃত্যুদণ্ডৰ আদেশ পুনৰ বিবেচনা কৰাৰ বাবে আবেদন জনাবলৈ কৈছিল যদিও তেওঁএই বিষয়ত কোনো আগ্ৰহ দেখুওৱা নাই।

উল্লেখ্য ২০১৬ চনত কুলভূষণ যাদৱক পাকিস্তানে বালুচিস্তানৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি কৈ আহিছে যদিও ভাৰতৰ মতে তেওঁ সেই সময়ত ইৰাণতহে আছিল।

গ্ৰেপ্তাৰৰ এবছৰ পিছতেই পাকিস্তানৰ সেনাৰ আদালতে কুলভূষণ যাদৱক চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত মৃত্যুদণ্ডতে দণ্ডিত কৰে।

পাক চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে ভাৰতে ইন্টাৰনেছনেল কোৰ্ট অৱ জাষ্টিছৰ কাষ চপাত ইন্টাৰনেছনেল কোৰ্ট অৱ জাষ্টিছে বিগত বৰ্ষৰ জুলাই মাহত কুলভূষণ যাদৱক মৃত্যুদণ্ডৰ আদেশ পুনৰ বিবেচনা কৰাৰ বাবে আবেদন জনোৱাৰ সুযোগ দিবলৈ কৈছিল।

ইৰফানৰ মতে ১৭ জুনত কুলভূষণ যাদৱক তেনে আবেদন জনাবলৈ কোৱা হৈছিল যদিও তেওঁ ইচ্ছা প্ৰকাশ নকৰিলে।

এয়া হয়তো পাকিস্তানৰ মিথ্যাচাৰ হ’ব পাৰে।