NORTHEAST NOW (Assamese)
অসম

অসমত ৩৯৭ নতুনকৈ ক’ভিড মুক্ত, মুঠ আৰোগ্য ৮৭২৬

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2020 10:06 pm
COVID19: 2310 persons discharged in Assam on Friday

অসমত ব্যাপক হাৰত ক’ভিড-১৯ ৰোগী চিনাক্ত হোৱাৰ মাজতে ৩৯৭গৰাকী ব্যক্তিয়ে বুধবাৰে আৰোগ্য লাভ কৰিছে।

আটাইকেইগৰাকী ব্যক্তিকে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

এইসকল ব্যক্তিক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য হোৱা ব্যক্তি ৮৭২৬গৰাকীলৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪৫৮৫গৰাকী।

অসমত এতিয়ালৈকে ১৩৩৩৬গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে ২২গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।