NORTHEAST NOW (Assamese)
Popular Stories

আক্ৰান্ত সাত লক্ষাধিক,তথাপি ক’ৰ’ণাৰ সামাজিক সংক্ৰমণৰ কথা অস্বীকাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 9, 2020 8:27 pm
138231-gagjbayfhr-158402

 

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা দেশত দিনক দিনে ভয়াৱহ হাৰত বৃদ্ধি পাই যোৱাৰ পিছতো কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে ক’ৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণৰ কথা বৃহস্পতিবাৰে পুনৰ অস্বীকাৰ কৰিছে।

নতুন দিল্লীত আয়োজিত এখন সংবাদ মেলত কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাজেশ ভূষণে কয় যে দেশত এতিয়াও ক’ৰ’ণা ভাইৰাছৰ সামাজিক সংক্ৰমণ হোৱা নাই। কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে এই প্ৰসংগত কয় যে গণ সংক্ৰমণৰ সলনি দেশৰ অঞ্চল বিশেষেহে সংক্ৰমণ অধিক হৈছে।

এই ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰাও কোনো ইংগিত দিয়া হোৱা নাই বুলি তেওঁ কয়।

ইপিনে মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে দেশত ২৪,৮৭৯ গৰাকী লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।এতিয়ালৈকে দেশত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে ৭,৬৭,২৯৬ গৰাকী।২৪ ঘন্টাত ক’ৰ’ণা ভাইৰাছত মৃত্যু ঘটিছে ৪৭৬ গৰাকী লোকৰ।

ইমানৰ পিছতো চৰকাৰে দেশত ক’ৰ’ণা ভাইৰাছৰ সামাজিক সংক্ৰমণ হোৱা নাই বুলি কৰা ঘোষণাই বহুতকে দোমোজাত পেলাইছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডা.হৰ্ষবৰ্দ্ধনেও দেশত ক’ৰ’ণা ভাইৰাছৰ সামাজিক সংক্ৰমণ হোৱা নাই বুলি মন্তব্য কৰিছে।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে অসমত ক’ৰ’ণা ভাইৰাছৰ সামাজিক সংক্ৰমণ হোৱা  বুলি কৈ আহিছে।