NORTHEAST NOW (Assamese)
অসম

দুৰদৰ্শনৰ বাদে ভাৰতীয় নিউজ চেনেলৰ সম্প্ৰচাৰ বন্ধ কৰিলে নেপালৰ কেবল টিভিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 9, 2020 10:35 pm

ভাৰতৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ অব্যাহত ৰাখিছে নেপালে। নেপালৰ কেবল টিভিৰ পৰা দুৰদৰ্শনৰ বাদে সকলো ভাৰতীয় নিউজ চেনেলৰ সম্প্ৰচাৰ নিষিদ্ধ কৰি দিয়া হৈছে।

এই ক্ষেত্ৰত অৱশ্যে এতিয়ালৈ কোনোধৰণৰ বিভাগীয় নিৰ্দেশনা প্ৰকাশ কৰা হোৱা নায়।

‘‘আজি সন্ধিয়াৰ পৰা আমি দুৰদৰ্শনক বাদ দি সকলো ধৰণৰ ভাৰতীয় নিউজ চেনেলৰ সম্প্ৰচাৰ বন্ধ কৰিম,’’ নেপালৰ মেগা মেক্স টিভিৰ সঞ্চালক ধ্ৰুৱ শৰ্মাই এইদৰে কয়।

নেপাল কমিউনিষ্ট পাৰ্টিৰ মুখপাত্ৰ নৰায়ণ কাজিয়ে ভাৰতীয় সংবাদ মাধ্যমে ভিত্তিহীন সংবাদ পৰিবেশন বন্ধ কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰাৰ পাছতে নেপালত ভাৰতীয় নিউজ চেনেলৰ সম্প্ৰচাৰ বন্ধ কৰা হয়।

নেপালৰ এই সিদ্ধান্তৰ পাছত ভাৰতৰ তৰফৰ পৰা এইক্ষেত্ৰত কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হয় সেয়া লক্ষ্যণীয় হ’ব।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও নেপালে বিহাৰত থকা ভাৰত-নেপাল সীমান্ত মথাউৰি নিৰ্মাণত আৰু পথ নিৰ্মাণত বাধা আৰোপ কৰিছিল।

নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে ক’ৰ’নাৰ সংক্ৰমণৰ পাছৰে পৰা ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।