NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ কৰি WHOৰ ভুয়সী প্ৰশংসা লাভ কৰিছে ভাৰতৰ ঘনবসতিপূৰ্ণ এখন বস্তিয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 11, 2020 3:20 pm
image

বিশ্বত সন্ত্ৰাস চলোৱা কোবিড১৯ৰ আতংকত ত্ৰস্তমান সমগ্ৰ বিশ্ব।

বিশ্ব স্বাস্থ্য সংস্থা(WHO)ও মাজে মাজে হৈ পৰিছে দিকভ্ৰান্ত।

তথাপিও কোভিড১৯ৰ বিৰুদ্ধে বিশ্বব্যাপী অব্যাহত থকা যুঁজখনত নেতৃত্ব প্ৰদানৰ বাবে প্ৰতি মুহূৰ্ততে নিজকে সাজু কৰি ৰাখিছে WHOএ।

এই WHOএ ভাৰতৰ এখন বস্তীৰ কোভিড১৯ প্ৰতিৰোধী যুঁজক ভূয়সী প্ৰশংসাৰে উপচাই পেলাইছে।

কঠোৰ লকডাউন পালন, নিৰন্তৰ সতৰ্কতা আৰু বিপুলসংখ্যক টেষ্টৰ জৰিয়তে কোভিড১৯ প্ৰতিৰোধী যুঁজত সফল হোৱা এই বস্তিটো হৈছে মুম্বাই মহানগৰীৰ ধাৰাবী বস্তি।

জুন মাহত উক্ত বস্তিত গণ সংক্ৰমণৰ আশংকা কৰা হৈছিল যদিও পৰিস্থিতি এতিয়া সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন।

WHOৰ প্ৰধান ট্ৰেড্ৰ’ছ এ গ্ৰাবিয়েচাছে ধাৰাবী বস্তিক প্ৰশংসা কৰি কৈছে, “মুম্বাই মহানগৰীৰ ঘনবসতিপূৰ্ণ এলেকা ধাৰাবী বস্তিয়ে কোভিড১৯ মোকাবিলাৰ ক্ষেত্ৰত এক নজিৰ স্থাপন কৰিছে।”

শনিবাৰে জেনেভাৰ এক ভাৰ্চুৱেল সংবাদ মেলত WHOৰ প্ৰধান গৰাকীয়ে ধাৰাবী বস্তিক এক দৃষ্টান্ত হিচাপে তুলি ধৰি কয়, “স্পেইন, ইটালী, দক্ষিণ কোৰিয়া আনকি ঘনবসতিপূৰ্ণ মুম্বাইৰ ধাৰাবী অঞ্চলেও ক’ৰ’না বিৰোধী যুঁজত ধাৰাবাহিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। বিশ্বতে নজিৰ স্থাপন কৰিব পাৰিছে।”

উল্লেখ্য যে মাত্ৰ আঢ়ৈ বৰ্গ কিলোমিটাৰ অঞ্চলক আগুৰি থকা মুম্বাই ধাৰাবী বস্তিত ৯ লক্ষাধিক লোকে বাস কৰে।

মানুহেৰে ঠাহ খাই থকা ধাৰাবী বস্তিত গণসংক্ৰমণৰ আশংকা কৰা হৈছিল জুন মাহতে। প্ৰথমাৱস্থাত বস্তিটোত ক’ৰ’নাৰ দ্ৰুত সংক্ৰমণ ঘটা পৰিলিক্ষিত হৈছিল।

কিন্তু ইয়াৰ পিছতে মহাৰাষ্ট্ৰ চৰকাৰ আৰু বুম্বাই মিউনিচিপাল কৰ্পোৰেশ্যন(বিএমচি)এ কঠোৰভাৱে বস্তিতটোত লকডাউন বলৱৎ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখা দিশটোক নিশ্চিত কৰিলে।

ইয়াৰ লগে লগে ক’ৰ’নাৰ শিকলি ছিঙি পোলোৱাৰ বাবে ট্ৰেচিং, ট্ৰেকিং, আইচ’লেশ্যন আৰু ট্ৰিটিং অনুসৰণ কৰা হয় সমগ্ৰ বস্তি অঞ্চলটোত।

মোবাইল ভান প্ৰেৰণ কৰি বস্তিটোত টেষ্টিঙৰ ব্যৱস্থা কৰে বিএমচিএ। ইয়াৰ ফলতেই ধাৰাবী বস্তি গণ সংক্ৰমণৰ ৰক্ষা পৰাই নহয় ক’ৰ’না প্ৰতিৰোধৰ যুঁজত দৃষ্টান্তমূলকভাৱে সফল হোৱা বুলি দাবী কৰিছে WHOৰ প্ৰধানে।

ইফালে চৰকাৰী তথ্যৰ মতে ধাৰাবী বস্তিত কোভিড১৯ত আক্ৰান্ত হৈ সুস্থ হোৱা ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে।

উল্লেখ্য যে, জুন মাহত বস্তিটোত দৈনিক গড়ে ৩৪ জন লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল। জুনৰ শেষলৈ এই সংখ্যা ১৮ লৈ হ্ৰাস হয়। ১০ জুলাইলৈকে এই সংখ্যা হ্ৰাস হৈ ১২ জন হৈছে।

দেশত ক’ৰ’নাক্ৰান্ত সংখ্যা দৈনিক অধ্যতিক হাৰত বৃদ্ধি পোৱাৰ বিপৰীতে ধাৰাবী বস্তিত প্ৰতিদিনে আক্ৰান্তৰ হাৰ নিম্নমুখী হৈছে।

ধাৰাবী বস্তিত বৰ্তমানলৈকে ক’ৰ’নাক্ৰান্তৰ সংখ্যা হৈছে ২,৩৫৯ আৰু ইয়াৰে ১,৯৫২ গৰাকী আক্ৰান্ত সুস্থ হৈ উঠাৰ বিপৰীতে ১৬৬ গৰাকী চিকিৎসাধীন হৈ আছে।