NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰা দোমনী দলঙত অঘটন : ভৰা নৈত জাঁপ দিলে এগৰাকী যুৱতীয়ে

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা July 11, 2020 5:03 pm
IMG-20200711-WA0053

গোৱালপাৰাৰ দোমনীত সংঘটিত হ’ল এক অঘটন।

কৃষ্ণাই নৈৰ ওপৰত থকা দোমনী দলঙৰ পৰা ভৰা নৈত জাঁপ দিলে এগৰাকী যুৱতীয়ে৷

এতিয়া লৈকে উদ্ধাৰ হোৱা নাই যুৱতী গৰাকী৷

পানীত জাঁপ দিয়া ছোৱালী জনী মৰনৈৰ মধুস্মিতা দাস বুলি জানিব পৰা হৈছে।

উল্লেখ্য যে, দলঙৰ ৰেলিঙত উঠি নৈত জাঁপ দিবলৈ লওঁতে দুজন যুৱকে প্ৰত্যক্ষ কৰে।

যুৱকদুজনে যুৱতী গৰাকীক বচাবলৈ চেষ্টা কৰোঁতেই দলঙৰ পৰা সৰি পৰে যুৱতীগৰাকী৷

স্থানীয় ৰাইজে নাও লৈ যুৱতী গৰাকীক উদ্ধাৰ অভিযান চলাই আছে৷

আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈছে আৰু ইতিমধ্যে ঘটনাস্থলীলৈ SDRF ৰ এটা দল ৰাওনা হৈছে৷

যুৱতীগৰাকীয়ে কিয় এনেধৰণৰ ঘটনা সংঘটিত কৰিলে সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই যদিও প্ৰেমজনিত কাৰণ হ’ব পাৰে বুলি স্থানীয় লোকে সন্দেহ কৰিছে৷