NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১০ হাজাৰ অতিক্ৰম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 18, 2020 6:50 am

নাগালেণ্ডত মঙলবাৰে মুঠ কোভিড আক্ৰান্তৰ সংখ্যা ১০১৮৮ গৰাকীলৈ বৃদ্ধি পায়।

মঙলবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ১৬৩ গৰাকী লোক কোভিড প’জিটিভ হয়।

আনহাতে, নাগালেণ্ডত কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭ গৰাকীলৈ বৃদ্ধি পায়।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগায়নু ফোমে টুইটাৰযোগে এই কথা সদৰী কৰে।

‘‘আপডেট ১৬৩ কোভিড প’জিটিভ কেছ আজি চিনাক্ত হৈছে,’’ ফোমে এইদৰে টুইট কৰে।

মঙলবাৰে নতুনকৈ কোভিড প’জিটিভ হোৱা ১৬৩ গৰাকী ব্যক্তিৰ ভিতৰত ১৩৩ গৰাকী পাৰেন জিলা, ১৪ গৰাকী ডিমাপুৰ, ১২ গৰাকী কোহিমা, ৩ গৰাকী ফেক আৰু তুৱেনচাং জিলাৰ এগাৰকী লোক।

ইপিনে, মঙলবাৰে নাগালেণ্ডত ৩৭ গৰাকী লোক চিকিৎসাৰ অন্তত কোভিডৰ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠে।

ক’ৰ’নাৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠা ব্যক্তি সকলৰ ভিতৰত ২১ গৰাকী ডিমাপুৰ জিলাৰ, ১০ গৰাকী মুন আৰু ৬ গৰাকী কোহিমাৰ।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে মাস্ক আৰু চেনিটাইজাৰৰ উপৰিও সঘনে হাত ধুই থাকিবলৈ অনুৰোধ কৰে।