NORTHEAST NOW (Assamese)
অসম

অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ সফল অভিযানত দুজন আলফা (স্বা) কেডাৰ আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 18, 2020 7:02 am

অৰুণাচল আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত দুজন সংযুক্ত মুক্তি বাহিনী অসমৰ কেডাৰ আটক হয়।

অসম ৰাইফলছে টুইটাৰ যোগে এই সফল অভিযানৰ কথা প্ৰকাশ কৰে।

‘‘অসম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ সফল অভিযানত ১৪ নৱেম্বৰত টিৰাপ জিলাৰ ন’গলো অঞ্চলত দুজন আলফা স্বাধীনৰ কেডাৰ আটক হয়,’’ অসম ৰাইফলছে টুইটাৰত এইদৰে লিখে।

বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত অসম ৰাইফলছ আৰু অৰুণাচলপ্ৰদেশ আৰক্ষীয়ে এই অভিযান চলায়।

আটকাধীন আলফা স্বাধীনৰ সদস্য দুজনক তদন্তৰ বাবে লাজু আৰক্ষীৰ হাতত গটায় দিয়া হৈছে আৰু দুয়োৰো বিৰুদ্ধে এটা গোচৰো ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, অসম ৰাইফলছে বিগত সময়ছোৱাত উত্তৰ-পূবত উগ্ৰবাদ দমনৰ বাবে ভালেসংখ্যক সফল অভিযানৰ নেতৃত্ব প্ৰদান কৰিছে।