NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছত আক্ৰান্ত গুৰগাঁৱৰ Paytm কৰ্মচাৰী; সতৰ্কতা অৱলম্বন কৰিছে প্ৰতিষ্ঠানটোৱে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 5, 2020 7:40 am
ক'ৰ'না

গুৰগাঁওস্থিত পে টিএম কোম্পানীৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰী মহামাৰী ক’ৰ’না ভাইৰাছত আক্ৰান্ত।এই কথা বুধবাৰে প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৱে।

প্ৰতিষ্ঠানটোৱে জনাইছে যে ক’ৰ’না ভাইৰাছত আক্ৰান্ত কৰ্মচাৰীজনে অলপতে ইটালীত ছুটি উদযাপন কৰি উভতি আহিছিল।

পে টিএমৰ মুখপাত্ৰই কয় যে ‘গুৰগাঁওস্থিত কোম্পানিটোৰ চাৰিজন কৰ্মচাৰী ইটালীত ছুটি উদযাপন কৰি অহা পিছত তেওঁলোকৰ স্বাস্থ্যৰ পৰীক্ষা কৰা হয় আৰু তাৰ ভিতৰত এজন কৰ্মচাৰীৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি চিকিৎসকে নিশ্চিত কৰিছে। আক্ৰান্ত কৰ্মচাৰীজনক উপযুক্ত চিকিৎসা কৰি থকা হৈছে আৰু কোম্পানীয়ে আক্ৰান্ত কৰ্মচাৰীজনৰ পৰিয়ালক সহায় কৰিছে।’

কোম্পানীটোৰ এগৰাকী কৰ্মচাৰীৰ শৰীৰত ক’ৰ’না ভাইৰাছ উপস্থিতি নিশ্চিত হোৱাৰ পিছত পে টিএম-এ সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলক কিছুদিনৰ বাবে ঘৰৰ পৰাই সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিছে। যাতে অন্যান্য কৰ্মচাৰীসকলৰ শৰীৰলৈ এই মাৰাত্মক ভাইৰাছবিধ সংক্ৰমণ ঘটিব নোৱাৰে।