NORTHEAST NOW (Assamese)
অসম

জি এম চি এইচত পুনৰ এগৰাকী কোভিড আক্ৰান্তৰ মৃত্যু : মৃতকৰ সংখ্যা ৩৭ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 11, 2020 9:07 pm
xcorona19-1589944874.jpg.pagespeed.ic.AKsoR7_3Mt

অসমত পুনৰ আৰু এগৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নিজৰ টুইটাৰ একাউন্টত টুইট কৰি জনাাইছে এই কথা।

শান্তা আচাৰ্য্য নামৰ ৪০ বছৰীয়া এগৰাকী ক’ৰ’নাক্ৰান্ত মহিলা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত সন্ধিয়া মৃত্যু হয়।

মৃত শান্তা নিউমেনিয়া, টাইপ-২ ডায়বেটিছ, হাইপ’থাইৰয়েডিজম আদি ৰোগতো ভুগি আছিল।

ইয়াৰ ফলত অসমত ক’ৰ’না আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ সংখ্যা ৩৭ গৰাকীলৈ বৃদ্ধি পালে।

উল্লেখযোগ্য যে, ১০ জুলাইত অসমত মুঠ ৯ গৰাকী লোকে বিভিন্ন চিকিৎসালয়ত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছিল।