NORTHEAST NOW (Assamese)
অসম

এইখন দেশত সম্পূৰ্ণ হ’ল ক’ভিড ভেকচিনৰ মানৱ দেহত পৰীক্ষণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 12, 2020 11:27 pm
This country completes clinical trials of world’s first COVID-19 vaccine

বিশ্বত প্ৰথম ক’ভিড-১৯ ভেকচিনৰ মানৱ দেহত পৰীক্ষণ সম্পূৰ্ণ হৈছে ৰাছিয়াত।

ৰাছিয়াৰ চেচেনভ ফাৰ্ষ্ট মস্ক’ ষ্টেট মেডিকেল ইউনিভাৰ্ছিটিত এই পৰীক্ষা সম্পূৰ্ণ হৈছে।

এই কথা সদৰী কৰিছে বিশ্ববিদ্যালয়খনৰ ট্ৰানস্লেচনেল মেডিচিন আৰু বায়’টেকনলজি প্ৰতিষ্ঠানৰ সঞ্চালক ভাদিম তাৰাচভে।

“কৰ’নাভাইৰাছৰ বিৰুদ্ধে বিশ্বৰ প্ৰথমটো ভেকচিনৰ স্বেচ্ছাসেৱকৰ ওপৰত পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছে চেচেনভ বিশ্ববিদ্যালয়ে,” প্ৰকাশিত বাতৰিত তাৰাচভৰ উদ্ধৃতি।

তাৰাচভে লগতে জনায় যে পৰীক্ষাত ভাগ লোৱা প্ৰথমটো গোটৰ স্বেচ্ছাসেৱকসকলক ১৫ জুলাইত আৰু দ্বিতীয়টো গোটক ২০ জুলাইত মুকলি কৰি দিয়া হ’ব।

বিশ্ববিদ্যালয়খনে যোৱা ১৮ জুনৰ পৰা এই পৰীক্ষা চলাই আছিল।

ভেকচিনবিধ প্ৰস্তুত কৰিছে ৰাছিয়াৰ গামালেই ইনষ্টিটিউট অৱ এপিডেমিঅ’লজি আৰু মাইক্ৰ’বায়’লজিয়ে।