NORTHEAST NOW (Assamese)
অসম

লাকুৱাত অ’ এন জি চিৰ প্ৰকল্পত ভয়ঙ্কৰ বিস্ফোৰণ, ১জন নিহত

Posted by: এন ই নাও নিউজ February 28, 2018 6:13 pm
ONGC violates COVID19 protocol in Sivasagar

শিৱসাগৰ জিলাৰ লাকুৱাৰ লখমণিত অৱস্থিত অ’ এন জি চিৰ এটা প্ৰকল্পত আজি পুৱা এক ভয়ঙ্কৰ বিস্ফোৰণ সংঘটিত হয়।

বিস্ফোৰণটোৰ ফলত শিৱসাগৰ জিলাৰ মৰানহাটৰ প্ৰশান্ত মোহন নামৰ এজন লোক নিহত হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হয়।

আহত লোক দুজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।

প্ৰাপ্ত তথ্য অনুসৰি  প্ৰকল্পটোৰ ভিতৰত ৰখাই থোৱা এখন টেংকাৰত বিস্ফোৰণটো সংঘটিত হৈছিল।

অ’ এন জি চিৰ নাজিৰা গোটে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি অনুসৰি উক্ত প্ৰকল্পটোত মেঘা ইঞ্জিনিয়াৰিং নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ অধীনত নিৰ্মাণকাৰ্য চলি আছিল।

বিস্ফোৰণটোক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰকল্পটোত কাম কৰি থকা শ্ৰমিক সকলৰ লগতে স্থানীয় ৰাইজে মেঘা ইঞ্জিনিয়াৰিঙৰ বিৰুদ্ধে কৰ্মৰত শ্ৰমিকসকলক নিৰাপত্তা প্ৰদান নকৰাৰ লগতে বিভিন্ন অভিযোগ আনে।

আনহাতে বিবৃতিটোত, মেঘা ইঞ্জিনিয়াৰিঙৰ কৰ্তৃপক্ষই নিহত প্ৰশান্ত মোহনৰ লগতে আহত লোককেইজনৰ পৰিয়ালৰ লোকক লগ ধৰাৰ লগতে তেওঁলোকে পাব লগীয়া ক্ষতিপুৰণ দিয়া হ’ব বুলি নিশ্চয়তা প্ৰদান কৰে বুলি উল্লেখ কৰে।