NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাত আৰক্ষীৰ অভিযানত প্ৰায় ১ কোটি টকা মূল্যৰ চোৰাং চুপাৰী জব্দ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা July 14, 2020 5:02 pm

গোৱালপাৰা জিলাৰ কৃষ্ণাইত সোমবাৰে আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৩৪৭ বস্তা চোৰাং চুপাৰী জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, উত্তৰ গুৱাহাটীৰ আৰক্ষীৰ অভিযানকাৰী দল এটাই কৃষ্ণাইত উপস্থিত হৈ গোৱালপাৰা জিলা আৰক্ষীৰ সহযোগত সন্ধিয়া জাগ্ৰতপাৰা গাঁৱৰ চুপাৰী ব্যৱসায়ী শ্যামল মিত্ৰৰ  গোডাউনত অভিযান চলাই প্ৰায় এক কোটি টকাৰ চোৰাং চুপাৰী উদ্ধাৰ কৰে।

ঘটনাৰ আঁত ধৰি জানিব পৰা মতে, উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ পৰা চুপাৰী ভৰ্তি ট্ৰাক এখন পশ্চিম বংগলৈ গৈ থকা অৱস্থাত ট্ৰাকখন আধা বাটতে হাইজেক কৰা হয়।

এই ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী থানাত এটা গোচৰ ৰুজু কৰা হয় আৰু এই গোচৰটোৰ অনুসদ্ধানত অভিযান চলাই অৱশেষত কৃষ্ণাইৰ পৰা উদ্ধাৰ হয় চোৰাং চুপাৰীৰ বস্তাবোৰ।

দেওবাৰে নিশা উত্তৰ গুৱাহাটী আৰক্ষীয়ে কৃষ্ণাইৰ পৰা আফছাৰ আলী নামৰ এজন যুৱকক আটক কৰিছিল।

ধৃত যুৱকজনৰ স্বীকাৰোক্তিৰ ভিতিত সোমবাৰে অভিযান চলাই চোৰাং চুপাৰীখিনি উদ্ধাৰ কৰে আৰক্ষীৰ দলটোৱে।

ইফালে, এই অভিযান সম্পৰ্কে আৰক্ষীয়ে সংবাদ মাধ্যমক সবিশেষ জনোৱাৰ পৰা বিৰত থাকে।

ইফালে অভিযুক্ত চোৰাং চুপাৰী ব্যৱসায়ী শ্যামল মিত্ৰ পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জব্দ কৰা চুপাৰিখিনি  পুনৰ উত্তৰ গুৱাহাটীলৈ লৈ যায়।