NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত মাতৃহাৰা গঁড় পোৱালী, বিৰল উলুম’ৰা চৰাই উদ্ধাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া July 14, 2020 5:39 pm
Assam floods: Rhino calf rescued in Kaziranga National Park

বানে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্লাৱিত কৰাৰ পাছত আশ্ৰয় বিচাৰি দিহিঙে দিপাঙে গৈছে বন্যপ্ৰাণী৷

সোমবাৰৰ দিনা এটা ঢেকীয়াপতীয়া বাঘে অগৰাতলি বনাঞ্চলৰ সমীপৰ কান্ধুলিমাৰী গাঁৱৰ এঘৰ মানুহৰ ছাগলী গঁড়ালত এটা ঢেকীয়াপতীয়া বাঘে দিনতো আশ্ৰয় লোৱাৰ উপৰিও আজি কুঠৰীৰ দেওচূড় অঞ্চলতো মানুহৰ ঘৰত আশ্ৰয় লৈছিল আন এটা ঢেকীয়া পতীয়া বাঘে৷

একেদৰে আজি পুৱা এটা গঁড় পোৱালীয়ে আশ্ৰয় লয় অগৰাতলি বনাঞ্চলৰ সমীপৰ শুকানি  গাঁৱৰ এঘৰ লোকৰ বাৰীত৷

মাতৃৰ পৰা বিচ্ছেদিত গঁড় পোৱালীটো বাঢ়নি পানীৰ মাজত আবদ্ধ হৈ থকাৰ বাবে বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাৰ নেতৃত্বত কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ চামচুল আলী আৰু তেওঁৰ লগত যোৱা উদ্ধাৰকাৰী দলে পানীৰ মাজত আবদ্ধ হৈ থকা গঁড় পোৱালীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

এবছৰীয়া মতা গঁড় পোৱালীটো সম্প্ৰতি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসা প্ৰদান কৰি থকা হৈছে৷

গঁড় পোৱালীতো সম্প্ৰতি বিপদমুক্ত বুলি জনাইছে পশু চিকিৎসক ডা৹ চামচুল আলীয়ে৷

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাত বিপদগ্ৰস্ত এটা বিৰল প্ৰজাতিৰ উলুম’ৰা চৰায়ো উদ্ধাৰ কৰিছে বন কৰ্মীয়ে৷

সম্প্ৰতি বিশ্বনাথ চাৰিআলিত বন বিষয়াৰ তত্বাৱধানত পশু চিকিৎসকৰ নিৰীক্ষণত উলুম’ৰা চৰাইটোক ৰখা হৈছে৷

উল্লেখ্য যে শেহতীয়া বানত আজি পৰ্যন্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ কবলত পৰি ১১টা প্ৰাণীৰ মৃত্যু হোৱাৰ বিপৰীতে ১২ প্ৰাণীৰ যানবাহনৰ খুন্দাত ৩৭নং ৰাষ্ট্ৰীয় পথত মৃত্যু হৈছে৷

আজি পুৱাৰে পৰা কাজিৰঙাত স্থবিৰ হৈছে জলপৃষ্ঠ৷ ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ ১৭৩টা বনশিৱিৰৰ তলেৰে ব্ৰহ্মপুত্ৰৰ পানী প্ৰবাহিত হৈছে আৰু ১৪ টা বনশিৱিৰ খালী কৰিব লগা হৈছে৷