NORTHEAST NOW (Assamese)
Popular Stories

সুশান্তৰ মৃত্যুৰ এক মাহ : প্ৰথমবাৰলৈ মুখ খুলি কি ক’লে প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডেই?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 14, 2020 6:22 pm
sushant-singh-rajput-was-indebted-to-ex-girlfriend-ankita-lokhande-actors-stylist-leepakshi-ellawadi-0001

আজি এক মাহ সম্পূৰ্ণ হ’ল সুশান্ত সিং ৰাজুপতৰ আত্মহত্যাৰ।

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

অসংখ্য লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৰাজপুতৰ আত্মহত্যাকলৈ।

কিন্তু আজি এমাহে নিশ্চূপ হৈ আছিল সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডে।

উল্লেখ্য যে সুশান্তৰ মৃত্যুত যথেষ্ট ভাঙি পৰা অংকিতাই সংবাদ মাধ্যমৰ পৰা আঁতৰি থকাৰ লগতে ফোনো ৰিচিভ কৰা নাছিল।

বন্ধু মহলে জনোৱা অনুসৰি সুশান্তৰ মৃত্যুৰ পিছত অংকিতাই অকল ভাঙি পৰাই নহয় বহুবাৰ সংজ্ঞাহীনো হৈ পৰিছিল।

ইফালে অংকিতাই সুশান্তৰ বান্দ্ৰাস্থিত ফ্লেটত গৈ সুশান্তৰ পৰিয়ালৰ লোককো সাক্ষাৎ কৰিছিল।

তথাপিও অংকিতাই সুশান্তৰ মৃত্যুৰ সম্পৰ্কে কোনো মুখ খোলা নাছিল।

কিন্তু সুশান্তৰ মৃত্যুৰ এমাহ স্পৰ্শ কৰা আজিৰ দনিটোতে অংকিতাই চ’ছিয়েল মাধ্যমৰ চাইট ইনষ্টাগ্ৰামত এক প’ষ্ট কৰিছে।

সুশান্তৰ ফ’টো আৰু নাম উল্লেখ নকৰাকৈ ঠাকুৰ আসন ফ’টো সংলগ্ন প’ষ্টত অংকিতাই কৈছে, “ভগৱানৰ সন্তান।”

বহুতে ধাৰণা কৰিছে ভগৱান সন্তান হিচাপে অংকিতাই সুশান্তত সিং ৰাজপুতকে নিৰ্দেশ কৰিছে।

উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ লগত অংকিতাৰ প্ৰায় ৭ বছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল।