NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত হ’ব পাইপড গেছৰ সংযোগ

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 26, 2017 8:31 am

গুৱাহাটীবাসীৰ প্ৰতি সুখবৰ কঢ়িয়াই দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেড (DNPL) ৰ এটা সূত্ৰই কৈছে যে গুৱাহাটীবাসীৰ বাবে অচিৰেই পাইপেৰে ৰন্ধন গেছৰ যোগান ধৰা হ’ব। এই উদ্দেশ্যে দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেডে নুমলীগড়ৰ পৰা গুৱাহাটীলৈ পাইপ স্থাপনৰ প্ৰকল্প এটাৰ শুভাৰম্ভ কৰা হয়। ডি এন পি এলৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে কয় যে এইটো এটা যুটীয়া উদ্যোগ, যাৰ দ্বাৰা মাটিৰ তলেৰে অনা পাইপ ব্যৱহাৰ কৰি দুলীয়াজানৰ পৰা নুমলীগড়লৈ গেছ কঢ়িয়াই অনা কাম কৰা হয়। এতিয়া এই কোম্পানীটোৱে এই পাইপ লাইন ব্যৱহাৰ কৰি গুৱাহাটীলৈও গেছ যোগানৰ লক্ষ্য লৈছে। তেওঁ এই কথাও জানিবলৈ দিয়ে যে এই প্ৰকল্পটো হ’ল কেন্দ্ৰৰ ভিজন ২০৩০ এটা অংশ আৰু ইয়াৰ কাম ইতিপূৰ্বে আৰম্ভ কৰা হৈছে। ইয়াৰ সম্ভাৱনা কিমান আছে সেই কথা পৰীক্ষা কৰিবৰ এটা পাইলট ৰিপ’ৰ্ট প্ৰস্তুত কৰা হৈ আছে। তেওঁ এই ক্ষেত্ৰত দুটা প্ৰধান সমস্যাৰ কথা কয়। এটা হ’ল ব্ৰহ্মপুত্ৰৰ অৱস্থান আৰু আনটো হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ অৱস্থান। কিয়নো গেছৰ পাইপ কোনো দলঙৰ ওপৰেদি নদী পাৰ কৰাই আনিবলৈ দিয়া নহয়। সেইদৰে ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাজেৰে অনাৰ ক্ষেত্ৰত থাকিব ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ বাধা-নিষেধ।