NORTHEAST NOW (Assamese)
অসম

জম্মু-কাশ্মীৰ বিজেপিৰ ৰাজ্যিক সভাপতি ৰবিন্দৰ ৰাইনা কোভিড-১৯ প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 14, 2020 8:37 pm

জম্মু-কাশ্মীৰৰ বিজেপি সভাপতি ৰবিন্দৰ ৰাইনা মঙলবাৰে কোভিড-১৯ প’জিটিভ হিচাপে চিনাক্ত হয়।

চিকিৎসকে ক’ৰ’না আক্ৰান্ত বিজেপি নেতা গৰাকীক বৰ্তমান ৰেয়াচি জিলাৰ কাটৰাত থকা নৰায়না হাস্পাতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

ক’ৰ’না আক্ৰান্ত হোৱাৰ মাত্ৰ দুদিন পূৰ্বে ৰাইনাক ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং, বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱ আৰু বহু কেইগৰাকী দলীয় নেতাৰ সৈতে একেলগে দেখা গৈছিল।

সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হোৱা কাশ্মীৰৰ বিজেপি নেতা ৱাছিম বাৰিৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ বাবে বিজেপি নেতা কেইগৰাকী একেলগ হৈছিল।

আনহাতে, মঙলবাৰে জম্মু-কাশ্মীৰ আৰক্ষীৰ চীফ দিবাংগ সিং আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জাভেদ মুজতাবা গিলানীৰ ক’ৰ’নাৰ ফলাফল নিগেটিভ আহিছিল।

কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰ আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ এগৰাকী জেষ্ঠ আৰক্ষী বিষয়া ক’ৰ’না প’জিটিভ হৈছিল।

তদুপৰি, বিগত মাহত কাশ্মীৰৰ নেতা ওমৰ আব্দুল্লাৰ এগৰাকী ৰাজনৈতিক সতীৰ্থৰো ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছিল।