NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণাৱালৰ ৰাজ্যবাসীলৈ হোলীৰ শুভেচ্ছা

Posted by: এন ই নাও নিউজ February 28, 2018 7:04 pm
Holi Celebration in Ghy

হোলী উপলক্ষে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণাৱালে আজি অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

এক বাৰ্তাত মুখ্য মন্ত্ৰী গৰাকীয়ে কয়, ‘ আশা কৰো ৰঙৰ এই উৎসৱে আমাৰ সাতামপুৰুষীয়া সোহাৰ্দ্য, ভাতৃত্ববোধ আৰু অসমৰ সকলো লোকৰ মাজত থকা একতাৰ বান্ধোনক দৃঢ় কৰিব। আহক এই উপলক্ষে আমি সকলোৱে আমাৰ মাজত থকা পাৰ্থক্য সমূহক পাহৰি একতাৰ বাণী বিয়পাই ৰাজ্যখনক আৰু শক্তিশালী কৰি তুলো।’

সোণোৱালে লগতে কয় যে হোলীৰ উদযাপনে ৰাজ্যৰ সামাজিক তথা সাংস্কৃতিক ভেটিক আৰু দৃঢ় কৰি তুলিব।

আনহাতে হোলীৰ উপলক্ষে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে কামৰূপ মহানগৰত ২ মাৰ্চৰ দিনা ৰাজহুৱা বন্ধ ঘোষণা কৰিছে। উক্ত দিনটোত জিলাখনৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।