NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ আতংক শেষ হোৱাৰ পূৰ্বে এইবাৰ বাৰ্ড ফ্লু আৰম্ভ ভাৰতত, কেৰালাত ১২০০০ হাঁহৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 4, 2021 7:51 pm

ক’ৰ’না ভাইৰাছৰ সন্ত্ৰাস মাৰ নৌযাওতে এইবাৰ ভাৰতত আৰম্ভ হৈছে বাৰ্ড ফ্লুৰ আতংক।

কেৰালাৰ আলাপ্পুজা আৰু কোট্টায়াম জিলাত বাৰ্ড ফ্লুৰ উপস্থিতি ধৰা পৰিছে।

দুয়োখন জিলাত বাৰ্ড ফ্লুৰ বাবে ১২০০০ ৰ অধিক হাঁহৰ মৃত্যু হোৱা বুলি ৰাজ্যিক বন মন্ত্ৰী কে ৰাজুই কয়।

কেৰালাৰ দুয়োখন জিলাত বাৰ্ড ফ্লুৰ উপস্থিতি নিশ্চিত হোৱাৰ পাছত ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ইতিমধ্যে প্ৰতিৰোধ মূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

জিলা প্ৰশাসনে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰিছে।

‘‘এইচ-৫ এন-৮ ভাইৰাছৰ উপস্থিতি কেৰালাত নিশ্চিত হৈছে,’’ ৰাজুই লগতে কয়।

আনহাতে, কেৰালাৰ মন্ত্ৰী গৰাকীয়ে ভাইৰাছ বিধ বৰ্তমানলৈ মানুহৰ দেহলৈ সংক্ৰমিত হোৱা নাই বুলিও লগতে স্পষ্ট কৰি দিয়ে।

মধ্যপ্ৰদেশ আৰু ৰাজস্থানত কাউৰীৰ দেহত বাৰ্ড ফ্লুৰ উপস্থিতি ধৰা পৰাৰ পাছত তাৰপৰা ক্ৰমান্বয়ে এই ভাইৰাছবিধ কেৰালালৈ বিস্তাৰিত হৈছে বুলিও ৰাজুই লগতে কয়।