NORTHEAST NOW (Assamese)
Popular Stories

NIA ৰ গোচৰত জামিন মঞ্জুৰ বিতু সোণোৱালৰ : শীঘ্ৰে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 15, 2020 2:00 pm
index

NIAৰ গোচৰত আজি চান্দমাৰিস্থিত NIA আদালতে জামিন মঞ্জুৰ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱালৰ।

সেয়েহে অতি শীঘ্ৰেই কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি গৰাকীৰ।

বৰ্তমান ক’ৰ’ণাত আক্ৰান্ত হৈ থকাৰ বাবে GMCH ত চিকিৎসাধীন হৈ আছে বিতু।

চিকিৎসালয়ৰ পৰা মুক্তি দিয়াৰ লগে লগে মুকলি আকাশৰ তললৈ আহিব পাৰিব বিতু সোণোৱাল।

উল্লেখযোগ্য যে, যোৱা ১২ ডিচেম্বৰৰ দিনা গ্ৰেপ্তাৰ হোৱাৰ পাছত অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা ১৩/১৯ গোচৰতে গ্ৰেপ্তাৰ হৈছিল মানস কোঁৱৰ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল।

NIA ই চাৰিওকে দেশদ্ৰোহীতাৰ গোচৰ জাপি মাওবাদী সজাবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছিল।

সোণোৱালৰ হৈ NIA আদালতত যুক্তি প্ৰদৰ্শন কৰিছিল জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰ আৰু শান্তনু বৰঠাকুৰে।

সেই গোচৰতে পৰহি জামিন লাভ কৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মানস কোঁৱৰে। কালি তেওঁ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল।

ইপিনে, কাইলৈ সেই একেটা গোচৰতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ শুনানি অনুষ্ঠিত হ’ব।

আনহাতে, সেই একেটা গোচৰতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰৰ অহা ১৭ জুলাইত শুনানি অনুষ্ঠিত হ’ব।