NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাতংকৰ মাজতে মাস্ক-পিপিই কিট দাবী কৰি চাকৰি হেৰুৱালে ৮৪ গৰাকী নাৰ্ছে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2020 8:51 am
5e8b12142500006c05058b73

দেশত মহামাৰী ক’ৰ’নাৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে চিকিৎসাকৰ্মীৰ ওপৰত কৰ্তৃপক্ষই বিভিন্ন ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা কাৰ্যই সচেতন মহলৰ চকু কপালত তুলিছে।

এইবাৰ মাস্ক, পিপিই কিট আৰু বিশুদ্ধ খোৱা পানী দাবী কৰাৰ অপৰাধত দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ে ৮৪ গৰাকী নাৰ্ছক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।

দিল্লীৰ দামদাৰ্দ নামৰ ব্যক্তিগত চিকিৎসালয়খনে বিভাগীয় হোৱাটছএপৰ গ্ৰুপত চিঠি প্ৰেৰণ প্ৰতিষ্ঠানখনত কৰ্মৰত ৮৪ গৰাকী নাৰ্ছক বৰ্খাস্ত কৰিছে।

নাৰ্ছসকলৰ অভিযোগ যে কোভিড টেষ্টৰ বাবেও চিকিৎসালয়খনে নাৰ্ছসকলৰ পৰা ধন সংগ্ৰহ কৰিছে।

“ক’ৰ’না পজিটিভৰ বাবে আমি হোম আইচ’লেশ্যনত আছিলো। আমালৈ হোৱাটছএপত চাকৰিৰ বৰ্খাস্ত কৰাৰ চিঠি পঠাইছে। প্ৰতিদিনে আমি ১২-১৪ ঘণ্টা কাম কৰাৰ পিছতো এনে ব্যৱহাৰ আমি মানি ল’ব নোৱাৰো। তেওঁলোকে আমাক কামত যোগ দিবলৈ কৈছিল। আমি মাস্ক-পিপিই কিট লাগে বুলি কোৱাত আমাক বৰ্খাস্ত  কৰিছে।” সংবাদ মাধ্যমৰ আগত এইদৰে কয় ভুক্তভোগী নাৰ্ছে।

উল্লেখ্য যে, দেশত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱা লগে লগে স্বাস্থ্য কৰ্মীসকলৰো দায়িত্ব অত্যধিকভাৱে বাঢ়িছে।

তেওঁলোকে মৰণৰ সৈতে মুখামুখি হৈ সন্মুখৰ পৰা যুঁজিছে কোভিড১৯ৰ বিৰুদ্ধে।

কিন্তু দেখা গৈছে কিছুমান হাস্পতালৰ কৰ্তৃপক্ষই তেওঁলোকক প্ৰদান কৰা নাই যাৱতীয় সুৰক্ষাজনিত কিট।

অত্যন্ত নিম্ন মানৰ মাস্ক আৰু পিপিই কিট প্ৰদান কৰাৰো অভিযোগ উঠিছে বহুতো হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে।

তেনে এক ব্যক্তিগত চিকিৎসালয়ৰ কৰ্তৃপক্ষক উন্নত মানৰ সুৰক্ষা সামগ্ৰী বিচাৰোতেই চাকৰি গ’ল ৮৪ গৰাকীকৈ নাৰ্ছৰ।

ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালক অৱগত কৰিছে দিল্লীৰ এন চি আৰ নাৰ্ছ এছ’চিয়ছন-এ।