NORTHEAST NOW (Assamese)
Popular Stories

ৰিয়েল লাইফ হিৰ’ ছনু চুডঃ মহাৰাষ্ট্ৰ আৰক্ষীক দান কৰিলে ২৫ হাজাৰ ফেচ শ্বিল্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 17, 2020 2:09 pm
Sonu-Sood

ক’ৰ’ণাতংকই দেশবাসীক খেদি ফুৰাৰ সময়তে বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতাই কেতবোৰ বিশেষ কামৰ জৰিয়তে মানুহৰ মৰম আৰু আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছে।

অভিনেতা গৰাকী হৈছে ছনু চুড। অভিনেতা গৰাকীয়ে ক’ৰ’ণাতংকৰ সময়ত দেশৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ পৰা প্ৰব্ৰজনকাৰী শ্ৰমিকক সম্পূৰ্ণ নিজা খৰচত নিজ নিজ ৰাজ্যলৈ উভতি যোৱাত সহায় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

মহাৰাষ্ট্ৰত আৱদ্ধ হৈ পৰা অসম,পশ্চিমবংগ, বিহাৰ,উত্তৰাখণ্ড,ঝাৰখণ্ড,উত্তৰপ্ৰদেশ আদি ৰাজ্যৰ লাখ লাখ শ্ৰমিকৰ বাবে দেৱদূতলৈ ৰুপান্তৰিত হোৱা ছনু চুডে শেহতীয়াকৈ আন এক মহৎ কাৰ্য সম্পাদন কৰিছে।

দেশৰ ভিতৰতে সৰ্বাধিক লোক ক’ৰ’ণাত আক্ৰান্ত হোৱা মহাৰাষ্ট্ৰৰ ক’ৰ’ণা যোদ্ধা আৰক্ষীৰ লোক সকলৰ বাবে ছনু চুডে দান হিচাবে আগবঢ়াইছে ২৫ হাজাৰ ফেচ শ্বিল্ড।

মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী অনিল দেশমুখে টুইটাৰ যোগে দেশবাসীক অৱগত কৰিছে এই কথা।

ছনু চুডৰ এনে বদান্যতাৰ বাবে অভিনেতা গৰাকী ধন্যবাদৰ পাত্ৰ বুলি দেশমুখে মন্তব্য কৰে।

ছনু চুডৰ সৈতে কৃতজ্ঞতাৰ চিন স্বৰুপে মন্ত্ৰী দেশমুখে সামাজিক দূৰত্ব বজাই ৰাখি ফটোও উঠে।

উল্লেখ্য ছনু চুডে ক’ৰ’ণাতংকৰ সময়ত প্ৰব্ৰজনকাৰী শ্ৰমিক সকলক মহাৰাষ্ট্ৰৰ পৰা ওভতাই পঠিওৱাৰ ক্ষেত্ৰত লাভ কৰা তিতা-মিঠা অভিজ্ঞতাক লৈ এখন গ্ৰন্থ লিখি আছে।

পেংগুইন ৰেণ্ডম হাউচে প্ৰকাশ কৰিবলগীয়া গ্ৰন্থ খন এই বছৰৰ শেষৰ পিনে পঢ়ুৱৈৰ হাতত পৰিব।