NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ চতুৰ্থজন বিধায়ক কৰ’নাত আক্ৰান্ত; জিএমচিএইচত ভৰ্তি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 20, 2020 1:47 pm
WhatsApp Image 2020-07-20 at 1.31.31 PM

বিজেপিৰ চতুৰ্থজন বিধায়ক কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

এইবাৰ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আক্ৰান্ত হৈছে মাৰাত্মক কোভিড-১৯ত।

বিজেপিৰ এক উচ্চস্তৰীয় সূত্ৰই জনাইছে এই কথা।

বিধায়কগৰাকীৰ কালি স্বাব পৰীক্ষাত পোৱা গৈছে কোভিড-১৯ পজিটিভ।

আজি চিকিৎসাৰ বাবে জিএমচিএইচলৈ নিয়া হৈছে বিধায়কগৰাকীক।

বিধায়ক বৰা কোনো কৰ’না ৰোগীৰ সংস্পৰ্শলৈ অহা নাছিল বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

সামান্য জ্বৰ আৰু কাহত ভোগাৰ বাবে তেওঁৰ স্বাৱ টেষ্ট কৰাৰ সিদ্ধান্ত লৈছিল আৰু কালি নিশা তেওঁৰ পজিটিভ আহিছে।

ইয়াৰ পূৰ্বে পাথাৰকান্দি সমষ্টিৰ বিজেপিৰ বিধায়ক কৃষ্ণেন্দু পাল, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, শদিয়াৰ বিধায়ক বলীন চেতিয়া কোভিড-১৯ত আক্ৰান্ত হৈছিল।