NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না মহামাৰীৰ বাবে পিছুৱাই দিয়া হ’ল আই চি চি টি-২০ বিশ্বকাপ-২০২০

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 20, 2020 8:44 pm

ক’ৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে ২০২০ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আই আই চি পুৰুষ টি-২০ বিশ্বকাপ প্ৰতিযোগিতা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে, আই চি চিয়ে পুৰুষ টি-২০ বিশ্বকাপ ২০২১ চনৰ অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত কৰিব আৰু ফাইনেলখন ২০২১ চনৰ ১৪ নৱেম্বৰত অনুষ্ঠিত হ’ব।

তদুপৰি, ২০২২ চনত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ প্ৰতিযোগিতাখন উক্ত বৰ্ষৰে অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হোৱাৰ লগতে ফাইনেলখন ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব বুলি আই চি চিয়ে প্ৰকাশ কৰে।

আজি অনুষ্ঠিত হোৱা এখন বৈঠকত আই চি চিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া এচিয়া কাপ প্ৰতিযোগিতাও ২০২১ চনলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

ইয়াৰ পূৰ্বে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল প্ৰতিযোগিতাও ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে পিছুৱাই দিয়া হৈছিল।