NORTHEAST NOW (Assamese)
Popular Stories

DIPRৰ ভুৱা বাতৰিৰ সংক্ৰান্তত অসমৰ মুখ্য সচিবলৈ নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদকৰ পত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2020 8:34 pm
DIPR-Assam-fake-news-750x375

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়(DIPR)এ ভুৱা বাতৰি চিনাক্তকৰণৰ বিৰুদ্ধে উত্তৰ পূৰ্ব অন্যতম ডিজিটেল সংবাদ প্ৰতিষ্ঠান নৰ্থ ইষ্ট নাও-এ অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ওচৰত অভিযোগ দাখিল কৰিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে DIPRৰ দ্বাৰা প্ৰচাৰিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱোলে বান সাহায্য বিচাৰি ৰাইজৰ ওচৰত আহ্বান জনোৱা এখন ফ’টো চ’ছিয়েল মিডিয়াৰ জনপ্ৰিয় চাইট ফেইচবুকত ভাইৰেল হৈছিল।

ভাইৰেল হোৱাৰ পিছেত DIPR-এ মুখ্যমন্ত্ৰীৰ সাহায্যৰ আহ্বান সম্বলিত উক্ত ফ’টোখন ভুৱা বুলি নিশ্চিত কৰি চলিত বৰ্ষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱোলে বানপানীৰ সাহায্যৰ বাবে ৰাইজৰ পৰা দান বৰঙণি বিচৰা নাই বুলি জনায়।

কিন্তু, মুখ্যমন্ত্ৰীৰ ফ’টো সম্বলিত উক্ত আহ্বানটোত উত্তৰ পূৰ্ৱৰ অন্যতম ডিজিটেল সংবাদ প্ৰতিষ্ঠান নৰ্থ ইষ্ট নাওৰ নাম সাঙুৰ খাই পৰিছে।

উল্লেখ্য যে, যোৱা বৰ্ষৰ(২০১৯) ১৫ জুলাইত মুখ্যমন্ত্ৰী সোণোৱালে ৰাইজৰ পৰা বান সাহায্য বিচাৰি কৰা আহ্বানৰ ওপৰত নৰ্থ ইষ্ট নাওঅসমীয়া শাখাত এখন প্ৰতিবেদন প্ৰকাশ পাইছিল।

উক্ত প্ৰতিবেদনখন : : বন্যাক্ৰান্তক দিবলৈ অসম চৰকাৰে ৰাইজৰ পৰা সাহায্য বিচৰাত ব্যাপক প্ৰতিক্ৰিয়া

কিন্তু DIPR-ৰ অফিচিয়েল ফেইচবুক পেজত ১৯ জুলাই ২০২০ তাৰিখে নৰ্থ ইষ্ট নাওৰ বিগত বৰ্ষৰ পুৰণি প্ৰতিবেদনখন ভুৱা বাতৰি বুলি প্ৰচাৰ কৰাই নহয়, ফেইচবুকত উক্ত প্ৰতিবেদনৰ লিংকটোকো শ্বেয়াৰ কৰা দেখা হৈছে।

DIPRৰ এই কাণ্ডৰ বিৰুদ্ধে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক অনিৰ্বাণ ৰয়ে কয়, “প্ৰতিবেদনখন ভুৱা বুলি চিনাক্ত কৰাৰ কথাটোৱে আমাক অবাক কৰিছে, যিহেতু আমি বিগত তিনি বছৰ ধৰি বিশেষভাৱে ডিজিটেল প্লেটফৰ্মত ভুৱা বাতৰিৰ বিৰুদ্ধে প্ৰচাৰ চলাই আহিছো।”

তেওঁ লগতে কয় যে “গুগল নিউজ ইনিচিয়েটিভৰ দ্বাৰা প্ৰশিক্ষিত আৰু প্ৰকৃত-তথ্য নিৰূপণত দক্ষ আমাৰ সহকৰ্মীসকল। আমাৰ তিনিটা নিউজ প্লেটফৰ্মত আপলোড কৰা সংবাদ আৰু তথ্যসমূহ সতৰ্কতাৰে বিশ্বমানৰ পৰীক্ষণ কৰিহে প্ৰকাশ কৰা হয়।”

ইপিনে নৰ্থ ইষ্ট নাওৰ উক্ত বাতৰিটো যোৱা ১৪ জুলাই ২০১৯ তাৰিখে DIPRএ জাৰি কৰা এটি প্ৰেছ বিজ্ঞপ্তি আৰু অসম চৰকাৰৰ অফিচিয়েল টুইটৰ ভিত্তিত প্ৰস্তুত কৰা হৈছিল।

নৰ্থ ইষ্ট নাওৰ যোৱা বছৰৰ উক্ত বাতৰিটোক বৰ্তমান ভুৱা বাতৰি বুলি প্ৰচাৰ কৰাৰ বিষয়ে ইতিমধ্যে DIPRৰ সঞ্চালক অনুপম চৌধুৰীকো অৱগত কৰা হৈছে।

কিন্তু তেওঁ চ’ছিয়েল মিডিয়াৰ প্লেটফৰ্মৰ পৰা সেয়া আঁতৰাই দিবলৈ অস্বীকাৰ কৰিছে।

ইয়াৰ দ্বাৰা DIPR-এ নৰ্থ ইষ্ট নাওক ভুৱা বাতৰি পৰিৱেশন কৰা বুলি চ’ছিয়েল মিডিয়াৰ প্লেটফৰ্মত বদনাম কৰি হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা অভিযোগ কৰিছে মুখ্য সম্পাদক ৰয়ে।

উল্লেখ্য যে, নৰ্থ ইষ্ট নাও হৈছে উত্তৰ পূৰ্ৱৰ বৃহত্তম ডিজিটেল সংবাদ প্ৰতিষ্ঠান। ইয়াৰ ৬.২ মিলিয়নৰো অধিক ব্যৱহাকাৰী আছে আৰু প্ৰতি মাহৰ ভিউৱাৰ্ছ হৈছে ২.২ কোটি।

যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক ডিজিটেল ইণ্ডিয়া নিৰ্মাণৰ বাবে প্ৰচেষ্টা কৰি আহিছে তেনে সময়ত DIPR-এ উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ডিজিটেল সংবাদ প্ৰতিষ্ঠান নৰ্থ ইষ্ট নাওৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰা বুলি অপপ্ৰচাৰ কৰাতো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে মুখ্য সম্পাদক ৰয়ে।

নৰ্থ ইষ্ট নাও-এ অসম চৰকাৰৰ মুখ্য সচিবক এই ক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰাৰ লগতে নৰ্থ ইষ্ট নাও ভুৱা বাতৰি প্ৰচাৰত জড়িত নাই বুলি DIPRক এক স্পষ্টীকৰণ প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে মুখ্য সম্পাদক ৰয়ে।