NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাত মৃত্যু ঘটিল কোকৰাঝাৰৰ এজন কনিষ্ঠ অভিযন্তাৰ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী July 22, 2020 9:52 am
Dead_Body_Woman_570_850_571_855

ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কোকৰাঝাৰ জিলাৰ জলসিঞ্চন বিভাগৰ এগৰাকী কনিষ্ঠ অভিযন্তাৰ মঙলবাৰে নিশা ২ মান বজাত মৃত্যু হয়।

কোকৰাঝাৰৰ আৰ এন ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত মৃত্যু হোৱা লোকজন জিলাখনৰ দোতমা আৰক্ষী থানাৰ অন্তৰ্গত বলিদিয়াবাথান শক্তিআশ্ৰমৰ দিলীপ কুমাৰ ৰায় (৫৫) বুলি জানিব পৰা গৈছে।

চিকিৎসালয়ৰ এটা সূত্ৰই জনোৱা মতে, শ্বাহ-প্ৰশ্বাসত কষ্ট পোৱাৰ পিছত সোমবাৰে ৰাতিপুৱা ১১ মান বজাত দিলীপ কুমাৰ ৰায়ক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

সূত্ৰটোৱে জনোৱা মতে ৰায়ৰ এজমা, মধুমেহ আৰু উচ্চ ৰক্তচাপৰ সমস্যা আছিল। এই সমস্যা থকাৰ পিছতো তেওঁ কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তব্য পালন কৰি আছিল।

জানিব পৰা মতে তেওঁৰ মৃত্যুৰ পিছত কৰা ৰেপিড এণ্টিজেন টেষ্টতহে তেওঁৰ ক’ভিড পজিটিভ আহে।

উল্লেখ্য যে কোকৰাঝাৰ জিলাত সোমবাৰ পৰ্যন্ত সৰ্বমুঠ ৫১ গৰাকী সক্ৰিয় ক’ভিড-১৯ ৰোগী থকাৰ বিপৰীতে ৫১ গৰাকী সুস্থ হৈ উঠিছে।