NORTHEAST NOW (Assamese)
অসম

কৃষক নেতা অখিল গগৈৰ অৰ্কিড পাৰ্কত বোকাখাত আৰক্ষী আৰু বন বিভাগৰ তালাচী

Posted by: এন ই নাও নিউজ March 1, 2018 5:22 pm
অৰ্কিড

বৃহস্পতিবাৰে বোকাখাত আৰক্ষী আৰু বন বিষয়াই যৌথভাৱে বোকাখাত আৰক্ষী থানাত দুলাল বৰাই ৰজু কৰা গোচৰৰ আধাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ অৰ্কিড উদ্যানত তালাচী চলায়।

প্ৰাপ্ত তথ্য মতে বোকাখাত আৰক্ষীয়ে চলোৱা উক্ত তালাচীত উদ্যানখনৰ পৰা তিনিবিধ বিভিন্ন ধৰণৰ অবৈধভাৱে ৰখা দুৰ্লভ অৰ্কিড উদ্ধাৰ কৰে। বন্যপ্ৰাণী প্ৰতিৰক্ষা আইন ১৯৭২ ৰ অনুসূচীভূক্ত এই অৰ্কিড কেই বিধ হ’ল লেডিজ শ্লিপাৰ, ব্লু ভেণ্ডা আৰু চাইকাচ বেডমি।

উল্লেখযোগ্য যে অতি বিৰল প্ৰজাতিৰ এই তিনিবিধ অৰ্কিড বন্যপ্ৰাণী প্ৰতিৰক্ষা আইন ১৯৭২ ৰ উপৰিও আন্তৰাষ্ট্ৰীয় সংগঠন আই ইউ চি এনৰ মতেও বিলুপ্ত প্ৰায় হিচাপে স্বীকৃত ৷ কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানৰ পৰা এই তিনি বিধ বিলুপ্তপ্ৰায় উদ্ভিদ অভিযান কাৰী দলে আজি জব্দ কৰাৰ পাচত তিনিও বিধ অৰ্কিডেই বন বিভাগৰ তত্বাৱধানত ৰখা হয় বুলি জানিব পৰা গৈছে।

পূৰ্বতে আৰ টি আই কৰ্মী দুলাল বৰাই কাজিৰঙাত অৰ্কিড পাৰ্ক নিৰ্মাণেৰে ষড়যন্ত্ৰমূলকভাৱে কাজিৰঙাৰ ভূমি দখল কৰা বুলি অখিল গগৈৰ বিৰুদ্ধে এক বোকাখাত থানাত ১০০ / ১৮ নম্বৰত এক এজাহাৰ দাখিল

কৰিছিল। এজাহাৰ খনত দুলাল বৰাই অখিল গগৈয়ে কাজিৰঙাৰ দূৰ্গাপুৰত কাজিৰঙা অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যানৰ নামত বনাঞ্চলৰ বহু চৰকাৰী ভূমি বেদখল কৰিছে বুলি উল্লেখ কৰাৰ লগতে অৰ্কিডৰ চোৰাং ব্যৱসায় কৰা বুলিও উল্লেখ কৰিছিল।

লগতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পৃষ্ঠপোষকতাত বিভিন্ন চৰকাৰী আঁচনিৰে অখিল গগৈক ৫ কোটি টকাৰ অনুদান দিয়া হৈছিল বুলিও উল্লেখ কৰিছিল।

আনহাতে অখিল গগৈয়ে এই অভিযোগ অস্বীকাৰ কৰি এক সংবাদমেল যোগে কৈছিল যে, ‘অৰ্কিড উদ্যানৰ মাটিৰ নথি-পত্ৰ সকলো অসম চৰকাৰৰ কেবিনেটৰ হাতত আছে। মাটিৰ পত্তা স্থায়ী কৰি নিদি পেছাদাৰী দালালৰ হতুৱাই আমাৰ বিৰুদ্ধে এটাৰ পিছত আন এটা গোচৰ ৰুজো কৰি আছে।’

লগতে কৃষকনেতাজনে আৰু উল্লেখ কৰিছিল যে ‘চৰকাৰে যদি তাত কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি কৰ্তন নকৰে অথবা আজি মোলৈ সৰ্বানন্দ সোণোৱালে যোগাযোগ কৰে তেন্তে আজিয়েই এই অৰ্কিড পাৰ্কখন চৰকাৰক গতাই দিবলৈ প্ৰস্তুত আছো। কাৰণ আমি পূৰ্বতেই চুক্তিবদ্ধ আছিলো যদি চৰকাৰে বিচাৰে তেন্তে এইখন চৰকাৰক দি দিয়া হ’ব।’