NORTHEAST NOW (Assamese)
Popular Stories

পুনৰ সম্পূৰ্ণ ল’কডাউন! : সংক্ৰমণৰ অপ্ৰতিৰোধ্য গতিত দিকবিদিক হেৰুৱাৰ উপক্ৰম চৰকাৰৰ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2020 10:57 am
thumbs_b_c_805309a551bf367e41fd07688cfd42e8

প্ৰথম পৰ্যায়ৰ ল’কডাউনত ক’ৰ’না প্ৰতিৰোধত বিশেষভাৱে সফল হৈছিল ৰাজ্যখনৰ চৰকাৰ।

কিন্তু হঠাতে আকৌ আৰম্ভ হ’ল ৰাজ্যখনত দ্বিতীয় তৰংগৰ ক’ৰ’নাৰ সংক্ৰমণ।

দ্বিতীয় তৰংগত ৰাজ্যখনত ক’ৰ’না সংক্ৰমণৰ সংখ্যা তড়িৎ গতিত বৃদ্ধি পোৱা পৰলিক্ষিত হৈছে। ফলত চিন্তিত হৈ পৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন।

সেয়ে পুনৰ সম্পূৰ্ণ ল’কডাউন বলৱৎ হ’ব পাৰে দক্ষিণ ভাৰতৰ ৰাজ্য কেৰেলাত।

ক’ৰ’নাৰ অপ্ৰতিৰোধ্য গতি ৰুদ্ধ কৰিবলৈ বলৱৎ হ’ব পাৰে সম্পূৰ্ণ ল’কডাউন।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয়নেও এই সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে।

অৱেশ্য মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত এতিয়াও কোনো চৰকাৰী সিদ্ধান্ত গ্ৰহণ কৰা নাই।

“যি ভাৱে সংক্ৰমণৰ গতি বৃদ্ধি পাইছে, পুনৰ সম্পূৰ্ণ ল’কডাউন বলৱৎ কৰা হ’ব পাৰে।” মুখ্যমন্ত্ৰী পিনাৰায়ৰ ভাষ্য।

উল্লেখ্য যে বুধবাৰে ৰাজ্যখনত ১০৩৮ গৰাকী লোকৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে। ইয়াৰ মাজত ২৪ গৰাকী স্বাস্থ্য কৰ্মী আৰু ৫ গৰাকী কাউন্সিলৰ।

ইয়াৰ লগে লগে কেৰেলাত ক’ৰ’নাক্ৰান্তৰ সংখ্যা হৈছে ১৫,০৩২ গৰাকীলৈ বৃদ্ধি পালে। আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৪৫ গৰাকীলৈ।

ইফালে ৰাজ্যখনত পুনৰ ক’ৰ’নাক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত পিনাৰায় চৰকাৰে এখন সৰ্বদলীয় বৈঠকৰো আহ্বান কৰিছে।