NORTHEAST NOW (Assamese)
অসম

নৈশ কাৰ্ফিউত ঔষধ আনিবলৈ যোৱা বিশেষভাৱে সক্ষম কিশোৰক আৰক্ষীৰ নিৰ্বিচাৰ প্ৰহাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 24, 2020 7:48 am
WhatsApp Image 2020-07-24 at 4.39.06 AM

গুৱাহাটীৰ ভৰলুমুখত বিশেষভাৱে সক্ষম কিশোৰক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কিশোৰজনৰ ঔষধ শেষ হোৱাত পিতৃৰ লগত ঔষধ আনিবলৈ যাওঁতে ভৰলু আৰক্ষীয়ে প্ৰহাৰ কৰা বুলি অভিযোগ উঠিছে।

নৈশ কাৰফিউ আৰম্ভ হোৱাৰ সময়তে অৰ্থাৎ প্ৰায় ৬ বজাত ফাৰ্মাচীৰ পৰা ঔষধ আনিবলৈ গৈছিল দুয়ো পিতা-পুত্ৰ।

কোনো সোধপোছ নকৰাকৈ কিশোৰটিক কৰ্তব্যৰত আৰক্ষীয়ে পিছফালৰ পৰা লাঠীৰে কোবাই বুলি পিতৃয়ে অভিযোগ কৰিছে।

ইতিমধ্যে, ন্যায় বিচাৰি বিশেষভাৱে সক্ষম কিশোৰজনৰ পিতৃ পলাশ চলিহাই ছ’চিয়েল মিডিয়াত আপল’ড কৰিছে ভিডিঅ’।

আৰক্ষীক আতিশয্যৰ কাৰণ সোধোতে পিতা-পুত্ৰক গ্ৰেপ্তাৰ কৰাৰহে হুমকি দিয়া বুলিও ভিডিওটোত উল্লেখ কৰিছে।

এই ভিডিও ফেচবুকত প্ৰত্যক্ষ কৰাৰ পাছত কিশোৰজনক প্ৰহাৰ কৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

তেওঁ এনে বিষয়ত কোনো আপোচ কৰা নহ’ব বুলিও স্পষ্ট কৰি দিছে। এক টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে এডিজিপি সিঙে।