NORTHEAST NOW (Assamese)
অসম

পুৰণিগুদামত নিচাজাতীয় টেবলেট সহ এজনক গ্ৰেপ্তাৰ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা July 26, 2020 9:13 pm

নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষীৰ পহৰা চকীৰ অধীনৰ ভীমৰ গাঁৱত আৰক্ষীয়ে আজি এক ড্ৰাগছ বিৰোধী অভিযান চলায়।

পুৰণিগুদাম আৰক্ষীৰ পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰদাও গয়াৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলটোৱে গোপন সুত্ৰৰ পম খেদি ভীমৰ গাঁৱত অভিযান চলাই এজন যুৱকৰ লগতে বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে নাইট্ৰোজেপাম নামৰ ৬৮০ টা টেবলেট জব্দ কৰাৰ উপৰিও নিচাজাতীয় টেবলেট সমূহ সৰবৰাহৰ লগত জড়িত থকা ভীমৰ গাঁৱৰ উত্তম কুমাৰ দাস নামৰ যুৱককো আটক কৰে।

আটকাধীন উত্তম কুমাৰ দাসক আৰক্ষীয়ে সোধ-পোছ কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

উল্লেখ যোগ্য যে, বৃহত্তৰ পুৰণিগুদাম অঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে পুৰণিগুদাম আৰক্ষীয়ে বিভিন্ন সময়ত বহু কেইটা সফল অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী তথা তাৰ সৈতে জড়িত কেইবাজনো লোকক কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে।

ৰহস্যজনক কাৰণত আৰক্ষীৰ অভিযানৰ পাছতো পুনৰাই অঞ্চলটোত কোনো অসাধু চক্ৰই নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা চলাই নৱপ্ৰজন্মক ক্ৰমশঃ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ গুৰুতৰ অভিযোগো উত্থাপন কৰি আহিছে স্থানীয় সচেতন মহলে।