কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবীত টীয়কত প্ৰতিবাদ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক বিনা চৰ্তে মুকলি কৰি দিয়া আৰু নাগৰিকত্ব সংশোধন আইন বাতিল কৰাৰ দাবীৰে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।
যোৰহাট জিলাৰ টীয়কৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ অস্থানৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰাপায়ন কৰে।
প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হুচিয়াৰ, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।
আনহাতে, কৃষক নেতা অখিল গগৈক মুক্তি প্ৰদান আৰু নাগৰিকত্ব সংশোধন আইন বাতিল নকৰিলে আগন্তুক ২০২১ বিধান সভা নিৰ্বাচনত অসমৰ ৰাইজে উচিৎ প্ৰত্যুত্তৰ দিব বুলিও প্ৰতিবাদকাৰী সকলে হুংকাৰ দিয়ে।
উল্লেখযোগ্য যে, গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকাৰ সময়তে কৃষক নেতা গৰাকী ক’ৰ’না প’জিটিভ হয়।
পৰৱৰ্তী সময়ত অখিল গগৈক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতালত ভৰ্তি কৰোৱা হয়।