NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না আতংক: ২০২১ৰ জুনলৈকে ঘৰৰ পৰাই কাম কৰিব পাৰিব Googleৰ কৰ্মচাৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 28, 2020 2:01 pm

ক’ৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণে গোটেই বিশ্বকে উদ্বিগ্ন কৰি ৰাখিছে। এনে পৰিস্থতিত গুগলে তেওঁলোকৰ কৰ্মচাৰীসকলৰ ঘৰৰ পৰাই কাম কৰাৰ (ৱৰ্ক ফ্ৰম হোম) সুবিধাৰ ম্যাদ বৃদ্ধি কৰিছে।

সংস্থাটোৱে ইয়াৰ কৰ্মচাৰীসকলক অহা ২০২১ৰ জুন পৰ্যন্ত ঘৰৰ পৰাই বিচাৰিলে কাম কৰাৰ সুবিধা আগবঢ়াইছে। 

গুগলত কাম কৰা ভাৰতীয় কৰ্মচাৰীসকলেও এই সুবিধা লাভ কৰিব। 

সংস্থাটোৰ কৰ্মচাৰীসকললৈ চি ই অ’ সুন্দৰ পিচাইয়ে দিয়া ইমেইলখনত কোৱা হৈছে যে কৰ্মচাৰীসকলে যাতে আগন্তুক দিনৰ পৰিকল্পনা কৰি ৰাখিব পাৰে তাৰ বাবে ৱৰ্ক ফ্ৰম হোমৰ সুবিধাৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। 

সংস্থাটোৱে ইয়াৰ গোটেই বিশ্বতে থকা কৰ্মচাৰীসকলক ২০২১চনৰ জুনলৈকে ঘৰৰ পৰা কাম কৰাৰ সুবিধা আগবঢ়াইছে। 

অৱশ্যে, কাৰ্যালয়লৈ অহাৰ প্ৰয়োজন নোহোৱা কামৰ ক্ষেত্ৰতহৈ এই সুবিধা লাভ কৰিব। 

গুগল আৰু ইয়াৰ পেৰেন্ট অৰ্গেনাইজেশ্যন এলফাবেটত (Alphabet Inc) তথা চুক্তিভিত্তিক মুঠ ২লাখ কৰ্মচাৰী আছে। 

ভাৰতত গুগলত কৰ্মৰত কৰ্মচাৰীৰ সংখ্যা প্ৰায় পাঁচ হাজাৰ। 

ভাৰতত গুগলৰ বজাৰ ব্যাপক সম্প্ৰসাৰিত হৈ পৰিছে। বেংগালুৰু আৰু হায়দৰাবাদত সংস্থাটোৰ কাৰ্যালয় আছে। 

ভাৰতৰ ডিজিটেলাইজেশ্যনৰ সম্প্ৰসাৰণত গুগলে ৭৫,০০০ কোটি টকাৰ বিনিয়োগৰ কথাও ঘোষণা কৰিছে।