NORTHEAST NOW (Assamese)
Popular Stories

অনবদ্য কৃতিত্ব অৰ্জন ইংলেণ্ডৰ বেগী বলাৰ ষ্টুৱাৰ্ট ব্ৰডৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 29, 2020 1:07 pm

ইংলেণ্ডৰ তাৰকা বেগী বলাৰ ষ্টুৱাৰ্ট ব্ৰডে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাৰ তৃতীয় তথা অন্তিমখন টেষ্ট মেচৰ শেষৰ দিনা এক অনবদ্য মাইলষ্টনত উপনীত হয়।

সাম্প্ৰতিক সময়ৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ ব্ৰডে আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত ৫০০ উইকেট দখল কৰাৰ কৃতিত্ব লাভ কৰে।

৫০০ উইকেট দখল কৰা ব্ৰড বিশ্বৰ সপ্তম গৰাকী বলাৰ হিচাপে পৰিগণিত হ’ল।

ব্ৰডৰ এই উপলব্ধিত ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰ লগতে ভাৰতৰ প্ৰাক্তন বিস্ফোৰক বাওঁহতীয়া বেটছমেন যুৱৰাজ সিঙে অভিনন্দন জ্ঞাপন কৰে।

ব্ৰডৰ পূৰ্বে ইংলেণ্ডৰ হৈ এই কৃতিত্ব অৰ্জন কৰিছিল জেমছ এণ্ডাৰছনে। এণ্ডাৰছনে ২০১৭ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰিছিল।

উল্লেখ্য যে ব্ৰডে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলা টেষ্ট শৃংখলাৰ অন্তিমখন মেচৰ অন্তিম দিনা ক্ৰেগ ব্ৰেথৱেটৰ উইকেটটো দখল কৰি নিজৰ কেৰিয়াৰৰ ৫০০ উইকেট সম্পূৰ্ণ কৰে।

টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাৰ শীৰ্ষত শ্ৰীলংকাৰ মুথেয়া মুৰুলীধৰণ (৮০০ উইকেট), দ্বিতীয় স্থানত অষ্ট্ৰেলিয়াৰ শ্বেণ ৱাৰ্ণ (৭০৮) আৰু তৃতীয় স্থানত আছে ভাৰতৰ অনিল কুম্বলে (৬১৯)।

আনহাতে এই তালিকাৰ চতুৰ্থ স্থানত আছে ইংলেণ্ডৰ জেমছ এণ্ডাৰছন (৫৮৯), পঞ্চম স্থানত আছে কৰ্টনি ৱালছ (৫১৯)।

উল্লেখযোগ্য যে, ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত চলা তিনিখন টেষ্ট মেচৰ শৃংখলাটো ইংলেণ্ডে ২-১ত বিজয়ী হয়।