NORTHEAST NOW (Assamese)
অসম

কামৰূপ মহানগৰৰ ঈদগাহ, মছজিদত পাঁচজনকৈ ব্যক্তিক ৰাজহুৱা নামাজৰ অনুমতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 30, 2020 7:30 pm
Id-Uz-Zuha: Kamrup Metro district administraion permits gathering of five persons for Namaz at all Idgahs and Masjids

কামৰূপ মহানগৰ জিলা প্ৰশাসনে আগন্তুক ঈদ-উজ-জোহাত ঈদগাহ, মছজিদসমূহত পাঁচজনকৈ ব্যক্তিক ৰাজহুৱা নামাজৰ অনুমতি দিছে।

ক’ভিড-১৯ৰ পৰিস্থিতিৰ বাবে কেৱল পাঁচজনকৈ ব্যক্তিক ৰাজহুৱা নামাজৰ অনুমতি দিয়াৰ বিপৰীতে বাকীসকলে নিজা নিজা ঘৰত নামাজ কৰিব পাৰিব।

ৰাজহুৱা নামাজৰ সময়ত সামাজিক দূৰত্ব বজাই চলাৰ লগতে মাস্ক পিন্ধাটো বাধ্যতামূলক।

তাৰোপৰি নামাজৰ ঠাই নামাজৰ পূৰ্বে আৰু পিছত ছেনিটাইজ কৰিব লাগিব।

লগতে ঈদ-উজ-জোহা উদযাপনৰ সময়ত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে জাৰি কৰা ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰ’টকল মানি চলিব লাগিব।

অসম চৰকাৰেও পাঁচজনকৈ ব্যক্তিক মছজিদ আৰু ঈদগাহসমূহত ৰাজহুৱা নামাজৰ অনুমতি দিছিল।

বিভিন্ন মছজিদ আৰু ঈদগাহ সমিতিসমূহৰ প্ৰতিনিধিৰ সৈতে যোৱা ২৯ জুলাইত কামৰূপ মহানগৰ প্ৰশাসনৰ বৈঠক হৈছিল।

বৈঠকত সমিতিসমূহৰ প্ৰতিনিধিসকলে পাঁচজনকৈ ব্যক্তিক ৰাজহুৱা নামাজৰ অনুমতি দিয়াৰ বাবে অনুৰোধ কৰিছিল।