NORTHEAST NOW (Assamese)
অসম

বলিউদৰ পিতামহ অমিতাভ বচ্চন ক’ৰ’না মুক্ত; চিকিৎসালয়ৰ পৰা উভতি আহিল নিজ গৃহলৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 2, 2020 7:20 pm
Amitabh-Bachchan-10

বলিউদৰ যশস্বী অভিনেতা অমিতাভ বচ্চন ক’ৰ’ন মুক্ত হৈছে। অভিনেতা পুত্ৰ অভিষেক বচ্চনে দেওবাৰে টুইটাৰযোগে অমিতাভ বচ্চনৰ ক’ৰ’নাৰ পৰীক্ষাৰ ফলাফল নিগেটিভ অহা বুলি প্ৰকাশ কৰে।

”ধন্যবাদ শেহতীয়া কোভিডৰ পৰীক্ষাত মোৰ পিতৃৰ ফলাফল নিগেটিভ আহিছে। তেওঁক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে,” পুত্ৰ অভিষেক বচ্চনে টুইটাৰত এইদৰে লিখে।

আনহাতে, অভিষেক বচ্চনে পিতৃ আৰোগ্য হৈ উঠাৰ বাবে সকলোকে প্ৰাৰ্থনা কৰাৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে।

বিগত ১১ জুলাইত ক’ৰ’না আক্ৰান্ত হোৱাৰ পাছত অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চন নানাৱতী হস্পিটেলত ভৰ্তি হৈ আছিল।

অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ লগতে ঐশ্বৰ্য্য ৰায় বচ্চন আৰু নাতি আৰাধ্যা বচ্চনো ক’ৰ’না আক্ৰান্ত হৈছিল।

অমিতাভ বচ্চনৰ পূৰ্বে ঐশ্বৰ্য্য ৰায় বচ্চন আৰু আৰাধ্যা ক’ৰ’না মুক্ত হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিছিল।

বলিউদৰ পিতামহ অমিতাভ বচ্চন চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হোৱাৰ বাতৰিয়ে তেওঁৰ অনুৰাগী সকলৰ মনত যথেষ্ট উৎসাহৰ সৃষ্টি কৰিছে।