স্বাস্থ্য মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা : কি কি নিৰ্দেশনা মানি জিম খুলিব পাৰিব জানিবলৈ পঢ়ক…

ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশত বলৱৎ হোৱাত পৰাই জিম আৰু যোগ কেন্দ্ৰসমূহ বন্ধ হৈ আছে দেশত।
দেশত আনল’ক-৩ আৰম্ভ হোৱাৰ পিছত কিছু নীতি নিয়মৰ মাজেৰে জিম আৰু যোগ কেন্দ্ৰসমূহ খোলা হ’ব বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এক নিৰ্দেশনাৰ যোগে ঘোষণা কৰিছে।
স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ মতে অহা ৫ আগষ্টৰ পৰা দেশৰ জিম আৰু যোগ প্ৰশিক্ষণ কেন্দ্ৰসমূহ খুলিব পাৰিব।
এই ক্ষেত্ৰত কি কি নিয়ম মানি চলিব তাৰো নিৰ্দেশনা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে—
- ৬৫ বছৰ উৰ্দ্ধৰ আৰু ১০ বছৰ অনুৰ্দ্ধ লোক আৰু গৰ্ভৱতী মহিলাই জিম যাব নোৱাৰিব।
- জিম বা যোগ প্ৰশিক্ষণ কেন্দ্ৰত সকলেৱ ফেছশ্বীল্ড বা মাস্ক পিন্ধিব লাগিব। শৰীৰ চৰ্চা ক্ষেত্ৰত নিশ্বাসজনিত সমস্যা যাতে নহয় তাৰ বাবে পাতল মুখাবৰণ ব্যৱহাৰ কৰিব পাৰিব।
- সকলোকে আৰোগ্য এপছ ব্যৱহাৰৰ কৰিব লাগিব। আৰু তাতে নিজৰ স্বাস্থ্যৰ সমস্ত আপডেট দিব লাগিব।
- জিম বা যোগ প্ৰশিক্ষণ কেন্দ্ৰত লোকসকলে ৪ মিটাৰ ব্যৱধান ৰক্ষা কৰি চলিব লাগিব। জিমত ব্যৱহূত সৰঞ্জামসমূহ ৬ ফুট দূৰত্বত থকাটো বাধ্যতামূলক হ’ব।
- জিমত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে পথত নিৰ্দিষ্ট চিহ্ন দিব লাগিব। যাতে গমন আৰু প্ৰত্যাগমৰ পথ নিশ্চিত হয়।
- এচিৰ তাপমান ২৪ৰ পৰা ৩০ ডিগ্ৰীৰ মাজত ৰাখিব লাগিব। প্ৰয়োজনত এচি বন্ধ কৰি বাহিৰৰ বতাহ সোমাবলৈ দিব লাগিব।
- প্ৰৱেশ দ্বাৰত চেনিটাইজাৰ ৰাখিব লাগিব। থাৰ্মাল স্ক্ৰীণিং কৰিব লাগিব। উপসৰ্গহীনসকলেহে প্ৰৱেশ কৰিব পাৰিব।
- জীমৰ ভিতৰত কাৰোবাৰ ক’ৰ’নাৰ লক্ষণে দেখা দিলে তেওঁক অন্য স্থানলৈ লৈ যাব লাগিব। আৰু সেই পথে কোনো প্ৰৱেশ কৰিব নোৱাৰিব। আৰু লগে লগে প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব। প্ৰয়োজন সাপেক্ষে চৰকাৰী সহায় ল’ব পাৰিব।