NORTHEAST NOW (Assamese)
Popular Stories

দেশক অপমানিত কৰিছে বি চি চি আইয়ে, আই পি এল বহিস্কাৰ কৰক : স্বদেশী জাগৰণ মঞ্চ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 3, 2020 8:28 pm

বিস্বৰ শক্তিশালী ক্ৰিকেট ব’ৰ্ড বি চি চি আইয়ে ভাৰতক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰ এছ এছৰে সম্পৰ্ক থকা স্বদেশী জাগৰণ মঞ্চই

সংগঠনটোৱে সোমবাৰে কয় যে বি চি চি আইয়ে চীনা কম্পেনিৰ সৈতে স্পনছৰশ্বিপ অক্ষত ৰাখি দেশক অপমানিত কৰিছে। ভাৰতীয়ই এই টি-২০ লীগখন বৰ্জন কৰিব লাগে।

উল্লেখ্য যে দেওবাৰে আই পি এল আয়োজনক লৈ বি চি চি আইৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত টাইটল স্পনছৰশ্বিপ সলনিক লৈ কোনো ধৰণৰ চৰ্চা হোৱা নাছিল।

এই বৈঠকৰ পিছতে স্পষ্ট হৈ পৰিছিল যে আই পি এলৰ ১৩ সংখ্যক সংস্কৰণটিৰ টাইটল স্পনছৰশ্বিপ ভিভ’ৰ হাততে থাকিব।

উল্লেখ্য যে ভাৰত-চীনৰ মাজত সৃষ্টি হোৱা সীমাকেন্দ্ৰিক সংঘাতৰ পিছৰে পৰা ভাৰতত চানীজ কোম্পানিৰ বিৰুদ্ধে ভিন্ন ধৰণে প্ৰতিবাদ হৈ আছে।

স্মৰ্তব্য যে চীনা কোম্পানি ভিভ’ৱে ২০১৮ চনত পাঁচ বছৰৰ বাবে ২১৯৯ কোটি টকাত আই পি এলৰ স্পনছৰশ্বিপ লাভ কৰিছিল।