NORTHEAST NOW (Assamese)
Popular Stories

ৰে’লৱেৰ নতুন নিয়ম : স্বেচ্ছামূলক অৱসৰ লোৱা কৰ্মচাৰীৰ সন্ততিয়ে ৰে’লৱেত আৰু নাপাব চাকৰি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 5, 2020 7:56 am
railways22

ভাৰতীয় ৰে’লৱেত কৰ্মৰতম কৰ্মচাৰীয়ে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলে এতিয়াৰ পৰা আৰু তেওঁলোকৰ সন্তানে লাভ নকৰিব ৰে’লৱেৰ চাকৰি।

উল্লেখ্য যে, লাৰ্জেছ আঁচনিৰ অধীনত ভাৰতীয় ৰে’লত কৰ্মৰত কোনো কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত সন্তানে ভাৰতীয় ৰে’লত চাকৰি লাভ কৰাৰ নিয়ম আছে। ৰে’লৱে ব’ৰ্ডে এই পুৰণি নিয়ম বিৰ্সজন দিয়া বুলি ঘোষণা কৰিছে।

ৰে’লৱেই ‘চেল্যুট’ নামৰ নুতন আঁচনিৰ অনুসৰি চালক আৰু টেকমেনৰূপে কৰ্মৰত কৰ্মচাৰীয়ে কামৰ হেঁচাৰ বাবে চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিব পাৰিব।

পঞ্চাশ বছৰ বা তাৰ উৰ্দ্ধৰ ৰে’লৱেৰ কৰ্মচাৰীয়ে এই আঁচনিৰ অধীনত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলেও তেওঁলোকৰ সন্ততিয়ে ৰে’লৱেত চাকৰি লাভ নকৰিব বুলি এক নিৰ্দেশনা জাৰি কৰা হৈছে।

ৰে’লৱেৰ সূত্ৰই জানিবলৈ দিয়া অনসুৰি ৰে’লৱেৰ চাকৰি প্ৰাৰ্থীয়ে পূৰ্ব নিয়মৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ হোৱাত আদালতে সেই নিয়ম খাৰিজ কৰিবলৈ নিৰ্দেশ দিছিল আৰু নিৰ্দেশৰ ভিত্তিতে পুৰণি নিয়ম বাতিল কৰি নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে।

এই নতুন নিয়ম অনুসৰি স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীয়ে চাকিৰ কাল(৬০ বছৰ)পৰ্যন্ত অর্ধেক বেতন আৰু ৰে’লৰ বিনামূলীয় ভ্ৰমণৰ সুবিধা সম্পূৰ্ণভাৱে লাভ কৰিব।

ৰে’লৱে ব’ৰ্ডৰ এই নতুন নীতিক বিৰোধ কৰিছে ৰে’লৱেৰ কৰ্মচাৰী সংগঠনসমূহে।

ৰ’লৱে ব’ৰ্ডক কৰ্মচাৰী সংকোচনৰ নতুন তথা কৌশলী নীতি গ্ৰহণ কৰা বুলি অভিযোগ তুলি ৰে’লৱে কৰ্মচাৰী ইউনিয়নবোৰে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে।