NORTHEAST NOW (Assamese)
অসম

প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰালৈ আন্তৰ্জাতিক বিশেষ সন্মান প্ৰদান

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা August 6, 2020 1:05 pm

পুনৰবাৰ আন্তৰ্জাতিক ক্ষেত্ৰত সন্মান বুটলিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰায়ে।

সমগ্ৰ পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ তথা সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰে বিশ্বৰ প্ৰায় ১৯২খন দেশৰ প্ৰতিনিধিৰে ১৯৭০ চনত গঠিত আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংস্থা “আৰ্থ ডেই নেটৱৰ্ক”-এ প্ৰকৃতপ্ৰেমী যুৱক বিনোদ দুলু বৰালৈ আগবঢ়াইছে চলিত বৰ্ষৰ “আৰ্থ ডেই নেটৱৰ্ক ষ্টাৰ” শীৰ্ষক সন্মান।

চলিত বৰ্ষৰ বাবে সমগ্ৰ ভাৰতৰ ভিতৰতে অন্যতম তথা উত্তৰ-পূবৰ ভিতৰত একমাত্ৰ দুলু বৰায়ে লাভ কৰিবলৈ সক্ষম হৈছে এই বিশেষ আন্তৰ্জাতিক সন্মানটি।

দুলু বৰাই বিগত বহু বছৰ ধৰি প্ৰকৃতি সংৰক্ষণ, হাতী-মানুহৰ সংঘাত ৰোধৰ অহৰহ প্ৰচেষ্টা কৰা তথা বহু সৰুৰে পৰা বন্যপ্ৰাণী উদ্ধাৰ আৰু সুৰক্ষা প্ৰদান লগত জড়িত হৈ কৰা জীৱনজোৰা সাধনাৰ ওপৰত ভিত্তি কৰি সংস্থাটোৱে প্ৰদান কৰিছে সেই বিষয়ে সন্মানটি।

উল্লেখযোগ্য যে, “গ্ৰীণ গাৰ্ড নেশ্চাৰ অৰ্গেনাইজেছন”-ৰ এজন বিশেষ সদস্য হিচাপে ২০১২ চনত “চেঞ্চুৰী এচিয়া”-এ “টাইগাৰ ডিফেণ্ডাৰ”, ২০১৪ চনত “চেঞ্চুৰী নেশ্চাৰ ফাউণ্ডেশ্যন”-এ “ৱাইল্ড লাইফ চাৰ্ভিচ এৱাৰ্ড”।

শেহতীয়াকৈ হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে “হাতীবন্ধু” নামৰ আন এটি স্বেচ্ছাসেৱী সংস্থাৰ এজন সদস্য হিচাপে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তি হাতীখলি ৰংহাং গাঁৱৰ ৰাইজে কৰা কৃষিকাৰ্য্যৰ সামগ্ৰিক পৰিকল্পনা কৰাৰ বাবে ২০১৯ চনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰা “মুখ্য মন্ত্ৰী সামূহিক কৰ্ম বঁটা” ইতিমধ্যেই লাভ কৰিবলৈ সক্ষম হৈছে প্ৰকৃতিপ্ৰেমী যুৱক দুলুৱে।

ইফালে এইবাৰৰ এই বিশেষ আন্তৰ্জাতিক সন্মানৰ অধিকাৰী হ’বলৈ পাই বিনোদ দুলু বৰায়ে চৰম সন্তুষ্টি লাভ কৰিছে বুলি জানিবলৈ দিয়াৰ লগতে অনাগত দিনবোৰত প্ৰকৃতি আৰু বন্যপ্ৰাণী উদ্ধাৰ আৰু সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত নিৰবচ্ছিন্ন ভাবে অধিক কাম কৰি যাব বুলি আশ্বাস প্ৰদান কৰে সংবাদ মাধ্যমৰ সন্মুখত।