NORTHEAST NOW (Assamese)
অসম

এম’নিয়াম নাইট্ৰেট! বেইৰুটৰ দৰে চেন্নাইত জমা হৈ থকা বিশাল পৰিমাণৰ এই পদাৰ্থ কিমান ভয়াৱহ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 7, 2020 2:19 pm
WhatsApp Image 2020-08-07 at 12.11.00 PM

বিগত প্ৰায় ছয়বছৰ ধৰি জমা হৈ থকা এম’নিয়াম নাইট্ৰেটত অগ্নিসংযোগ ঘটি হোৱা বিস্ফোৰণৰ ফলত লেবাননৰ ৰাজধানী বেইৰুট প্ৰায় বিধ্বস্ত হৈ পৰে।

উক্ত বিস্ফোৰণত শতাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।

চেন্নাইত একেই ধৰণে বিশাল পৰিমানৰ এম’নিয়াম নাইট্ৰেট জমা হৈ থকাৰ কথা এইবাৰ পোহৰলৈ আহিছে।

বাতৰি অনুসৰি, চেন্নাইৰ এটা কনটেনাৰ ষ্টেশ্যনত ৭০০টন কেমিকেল জমা থকা বুলি কোৱা হৈছে।

অৱশ্যে, শুল্ক বিভাগে সেয়া নিৰাপদে থকা বুলি তথা চিন্তাৰ কোনো কাৰণ নাই বুলি জানিবলৈ দিছে।

২০১৫চনৰ পৰা এই পদাৰ্থখিনি জমা হৈ পৰি আছে। তামিলনাডুৰ এক আমদানিকাৰীৰ পৰা মুঠ ১.৮০ কোটি টকাৰ ৰাসায়নিক পদাৰ্থখিনি উদ্ধাৰ কৰাৰ পাছত বাজেয়াপ্ত কৰা হৈছিল।

এই পদাৰ্থখিনি সাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ক্ৰয় কৰা বুলি দাবী কৰা হৈছিল যদিও এয়া দাহ্য পদাৰ্থ আছিল।

দক্ষিণ কোৰিয়াৰ পৰা আমদানি কৰা এই ৰাসায়নিক পদাৰ্থখিনি নীলাম কৰা হ’ব বুলি শুল্ক বিভাগে জানিবলৈ দিছে।

বাতৰি অনুসৰি, ৩৭টা কনটেইনাৰত মুঠ ৭৪০টন এম’নিয়াম নাইট্ৰেট উদ্ধাৰ হৈছিল। ইয়াৰ ভিতৰত বানত ৭টন পদাৰ্থ নষ্ট হৈছে। বাকীখিনি এতিয়াও পৰি আছে বুলি শুল্ক বিভাগে জনায়।

ইপিনে, ইমান বিশাল মাত্ৰাত এম’নিয়াম নাইট্ৰেটৰ পৰা যিকোনো মুহূৰ্তত বেইৰুটৰ দৰে বিস্ফোৰণৰ আশংকা ব্যক্ত কৰিছে পিএমকে দলৰ নেতা এছ ৰামদাসে।