NORTHEAST NOW (Assamese)
Popular Stories

এইবাৰ হনুমানৰ জন্মস্থানতে নিৰ্মাণ হ’ব পৱন পুত্ৰৰ গগনচুম্বী মূৰ্ত্তি, উচ্চতা ২১৫ মিটাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 7, 2020 6:35 pm
Hanuman-Murti

পুৰাণত বৰ্ণিত কিষ্কিন্ধ্যাই এইবাৰ পুনৰ বিশ্বৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হ’ব।

কিষ্কিন্ধ্যা ক’ত অৱস্থিত?

পৱন পুত্ৰ হনুমানৰ জন্মস্থান কিষ্কিন্ধ্যা দৰাচলতে কৰ্ণাটকত অৱস্থিত।

কৰ্ণাটকৰ কোপ্পাল জিলাৰ বৰ্তমানৰ হাম্পি নামৰ অঞ্চলটোৱেই হ’ল পুৰাণত উল্লেখ থকা কিষ্কিন্ধ্যা।

হনুমানৰ জন্মস্থান এই হাম্পিতেই নিৰ্মাণ কৰা হ’ব বিশ্বৰ সৰ্বোচ্চ হনুমানৰ মূৰ্ত্তিটো।

হনুমানৰ এই মূৰ্ত্তিৰ উচ্চতা হ’ব ২১৫ মিটাৰ।

মূৰ্ত্তিটো নিৰ্মাণ কৰোতে খৰচ পৰিব প্ৰায় ১২০০ কোটি টকা।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যে ৰাজ্য খনৰ বৰহাটা নামৰ গাওঁখনত নিৰ্মাণ কৰা হ’ব ৰামচন্দ্ৰ এটা বিশাল প্ৰতিমূৰ্ত্তি।

ৰামচন্দ্ৰৰ প্ৰতিমূৰ্ত্তিটোৰ উচ্চতা হ’ব ২২১ মিটাৰ। ভগৱানতকৈ যিহেতু ভক্তৰ মূৰ্ত্তি ওখ হ’ব নোৱাৰে সেইবাবেই কৰ্ণাটকৰ হাম্পিত নিৰ্মাণ হ’বলগীয়া হনুমানৰ মূৰ্ত্তিটোৰ উচ্চতা ৬ মিটাৰ কমাই দি ২১৫ মিটাৰ কৰা হৈছে।

হনুমানৰ মূৰ্ত্তি নিৰ্মাণৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে হনুমান জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাস্ট।

এই ট্ৰাস্টেই নিৰ্মাণ কৰিব পৱনপুত্ৰ সুউচ্চ মূৰ্ত্তিটো।

ইয়াৰ বাবে কৰ্ণাটক চৰকাৰে কিছু ধন দিব যদিও বাকী ধন সংগ্ৰহ কৰা হ’ব দেশজুৰি হনুমান ৰথ যাত্ৰা অনুষ্ঠিত কৰি।

মূৰ্ত্তিটো নিৰ্মাণ হৈ উঠোতে প্ৰায় ৬ বছৰ লাগিব।